অজানিতে উৎসৰ্গা কৰিলোঁ
তেনেই আলসুৱা মোৰ
উন্মনা মন,
নীলিম আকাশত থাপিলোঁ
মোৰ গোপুলী প্ৰাণ,
সেউজ সুন্দৰ অনুভৱেৰে
গালোঁ কত চেতনাৰ গান !
হৃদয়ৰ কোঁহে কোঁহে মেলিছে পোখা
অনামী কুসুম বনৰ
হিৰন্ময়ী মমতাৰ
সুগন্ধিৰ কুসুমমালা,
জাগ্ৰত প্ৰেমিকৰ দৰে
কৰ্ণদ্বাৰত বাজিছে
ৰুণজুন ৰুণজুন...শৱদৰ
এফ এম ৰেডিঅ',
শতিকাৰ দোদুল্যতাত
তোমাৰ অলক্ষিতে
হলোঁ নেকি মই
ৰোমাঞ্চ ৰোমিঅ'...?
তুমিতো জানাই!
বিনন্দীয়াৰ মই এক
প্ৰাণ বিহ্বল ভাৰাক্রান্ত পথিক ,
জীৱনৰ অৰ্থইবা কি
হয়তো নাজানোঁ সঠিক ।
জীৱনৰ ঢাপে ঢাপে
সিঁচি থৈ আহিলোঁ স্মৃতি,
ভটিয়নীৰ বতাহত
উজনিমোৱা প্ৰাণোচ্ছল হাঁহিৰ সুৱাস
চঞ্চলা সমীৰণে
দি যায় প্রাণতে
সীমাহীন আল্পনাৰ মধুময় নিৰ্যাস....।
✍️অনিল চন্দ্ৰ বনিয়া।
লখিমপুৰ, নাৰায়ণপুৰ
( শ্বিলং, মেঘালয়ৰ পৰা)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ