পঢ়িলে পাছ নপঢ়িলে ফেইল - চুটিগল্প

©Admin
0

ৰাজুুৱে কিতাপৰ বেগটো টেবুলত থৈ ভৰি হাত ধুই ভাত মুঠি খাই ক্ষণন্তেক জিৰণি লৈ খেলিবলৈ ওলাই গ'ল ৷ এইফালে বিনয় ৰাজুলৈ অপেক্ষা কৰি আছিল ৷ ৰাজু গৈ পোৱা লগে লগে বিনয়ে ক’লে 

" ৰাজু ইমান দেৰি কৰিলা যে "

ৰাজুৱে টপৰাই উত্তৰ দিলে 

"কিহে কোৱা বন্ধু স্কুলৰ পৰা গৈয়ে ভাত খাই অলপ ৰেষ্ট ল'লো তাৰপাছতেহে আহিছোঁ , অলপ লেট হবই "

বিনয়ে ক’লে 

" হব বাৰু এতিয়া খেলোগৈ বলা "

ৰাজুৱে বেটডাল ধৰি 

" অকে লেটচ গ’ "

দুয়ো কিছু সময় ক্ৰিকেট খেলি ভাগৰি বহি কথা পতাত লাগিল ৷

ৰাজুঃ পৰীক্ষালৈ আৰু বেছি দিন নাইয়ে তোমাৰ প্ৰিপাৰেচন কেনে চলিছে ?

বিনয়ঃ ( দীঘলীয়া উশাহ লৈ ) চলিছে আৰু তোমাৰ ?

ৰাজুঃ কি কবা বন্ধু পঢ়িবলৈ বহিলেই ফ্ৰি ফায়াৰৰ দৃশ্যবোৰ দেখি পাওঁ তেতিয়া আৰু নিজক কণ্ট্ৰোল কৰিব নোৱাৰো আৰু গেমকে খেলোঁ , এনেদৰে মোৰ মুঠেই পঢ়া হোৱা নাই ৷

বিনয়ঃ মই এটা বাবাজীক জানো বলা তেখেতে কিবা সমাধান দিব ৷

ৰাজুঃ অ হয় নেকি ? বলা বলা ৷

দুয়ো গৈ বাবাজীৰ আশ্ৰয়স্থানত পালেগৈ ৷

বাবাজীঃ বেটা কহৌ ক্যা তকলিফ হ্যে ?

ৰাজুঃ বাবাজী মেৰা পঢ়াই মে বিলকুল মন নহী লগতা ৷

বাবাজীঃ পঢ়াই মে ক্যেছে মন লগেগা তেৰা ধ্যান তো কহী অৰ’ হ্যায় ৷

ৰাজুঃ হা বাবা ইছিলিয়ে তো আপকে পাছ আয়া হুঁ কুছ কিজিয়ে ৷

বাবাজীঃ ঠিক হ্যে য়হ তাবিজ ল্যে যাঅ’ 

ৰাজুঃ ( হাত আগবঢ়াই ) দিজিয়ে বাবা 

বাবাজীঃ ( বিনয়লৈ চাই ) তেৰা ক্যা সমস্যা হ্যে বসঃ ?

বিনয়ঃ মেৰা কইভী সমস্যা নহী হ্যায় বাবাজী ধন্যবাদ ৷

বাবাজীঃ হৌনা ভী নহী চাহিয়ে, তুঝ জ্যেছা হৌনহাৰ ছাত্ৰ কে লিয়ে ফিৰ ভী মে আশিস দেতা হুঁ তুঝে কাময়াবী হাছিল হৌ ৷

দুয়ো বাবাজীৰ পৰা বিদায় লৈ গুছি গ’ল ৷

পৰীক্ষা আহিল দুয়োৱে পৰীক্ষা দিলে ৷ দুমাহৰ পাছত ৰিজাল্ট ওলাল বিনয় প্ৰথম বিভাগত উতিৰ্ণ হ'ল কিন্তু ৰাজুৰ পৰীক্ষা বেয়া হ'ল ৰাজুৱে খঙত জ্বলি পুৰি ফেটী সাপৰ দৰে হৈ বাবাজীৰ ওচৰত গৈ প্ৰণাম জনাই 

ৰাজুঃ ( খঙত ) বাবাজী আপ ঝুটে হৌ মেৰা পৰীক্ষা খাৰাৱ হৌ গয়া ৷

বাবাজীঃ শান্ত বসঃ তুম তাবিজ কৌ খৌল কে দেখৌ ৷

ৰাজুৱে  তাবিজ টো খুলি কাগজ এডোখৰ পাই তাত কিবা লিখা দেখি পঢ়ি চালে " পঢ়িলে পাছ , নপঢ়িলে ফেইল "

ৰাজুৱে স্থািৰ হৈ বাবাজীলৈ চাই ৷

বাবাজীঃ বসঃ অব বলৌ তুমনে মন লগাকৰ পঢ়াই কি থী ?

ৰাজুঃ ( দুখমনেৰে ) নহী বাবাজী

বাবাজীঃ ক্যুঁ ?

ৰাজুঃ বাবাজী মেনে চমঝ কি আপকী তাবিজ কী জাদু ছে ম্যে পাছ হৌ জাউংগা , ইছিলিয়ে মেনে পঢ়াই নহী কি থী ৷

বাবাজীঃ বেটা মে্ৰা এক বাত য়াদ ৰখনা অগৰ কৰ্ম নহী কৰেগা তো কই ভী যাদু তেৰা সহায়তা নহী কৰ পায়েগা ,  মতলব কৰম কৰৌগে তো যাদু ভী কাম কৰেগা ঠিক হ্যে , অগলীবাৰ ধ্যান লগাকৰ পঢ়ই কৰনা অট জা ৷

ববাজীৰ কথা শুনি ৰাজুৱে বুজি পালে যে যদি কৰ্ম নকৰোঁ তেন্তে কোনো যাদু বা বৰদানে সহায় কৰিব নোৱাৰে , কৰ্ম কৰিলেহে যাদুৱে সহায় কৰিব পাৰে ৷

ৰাজুৰ মনত এক নৱ সূৰ্য্যৰ উদয় হ'ল আৰু সি প্ৰতিজ্ঞাবদ্ধ হ'ল যে " আজিৰ পৰা মই মবাইলত কোনো গেম নেখেলোঁ আৰু মনপুতি পঢ়িম "

এনেতে বিনয় আহি ক’লে 

" বন্ধু বৰ দুখ লাগিল তোমাৰ ৰিজাল্ট চাই গতিকে দুখ নকৰিবা পাৰিলে  মনটো সাহসী কৰা "

ৰাজুৱে বিনয়ৰ হাতত ধৰি ক’লে

" নাই বন্ধু মই কৰ্ম কৰা নাছিলো সেয়েহে ফলৰ কামনা কৰাটো মোৰ মুৰ্খামী গতিকে মনত দুখ কৰাটো মোৰ ভুল হব "

বিনয়ে ৰাজুৰ ভুল স্বীকাৰত আনন্দ অনুভৱ কৰিলে ৷


📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)