ভোক ( অণুগল্প)



       পুৱাতেই ৰঙিলী বাইয়ে শুই উঠি গা-পা ধুই নিজৰ ঘৰৰ কাম বন বোৰ কৰি আজৰি হৈ দিনটোলৈ ওলাই যায় ক'ৰবাত কাম-চাম এটা পাম বুলি,কেতিয়াবা পায় কেতিয়াবা নাপায়।ৰঙিলী বাই হ'ল কেও কিছু নোহোৱা এগৰাকী বিধবা তিৰুতা।গিৰিয়েক বেমাৰ হৈ কেতিয়াবাই ঢুকাল।গিৰিয়েক ঢুকোৱাৰ পাছত এতিয়া তেওঁৰ আৰু নিজৰ বুলিবলৈ কোনো নাই।আছে মাথোঁ বাৰিষাত ছালে পানী সৰকা এটা পজা,তাতেই কোনোমতে নিশাটো কটায়। এতিয়া অকলেই জীৱন সংগ্ৰামত ব্ৰতী হৈছে।তাই পেটৰ তাৰনাত পৰি আনৰ ঘৰে-ঘৰে কাম বন কৰি দুই-এপইচা পায় নিজৰ খোৱা বস্তু কেইটা যেনে-তেনে জোগাৰ কৰিব পাৰে।কেতিয়াবা এসাজ খালে এসাজ খাবলৈ নাপায় তেনেকৈয়ে বহু দিন কটাই বহু উজাগৰী নিশা পাৰ কৰে।
                                                              
✍️ অজয় ৰবিদাস
                  বৰহোলা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send