শৈশৱ-জীৱনৰ আদি পাঠ

©Admin
0


জীৱনক এক ন-গতি প্ৰদান কৰাৰ মূলতে হৈছে শৈশৱকাল। এই সময়তেই শাৰীৰিক তথা মানসিক উৎকৰ্ষ সাধনৰে শিশু সকলে এক নতুন ভৱিষ্যতৰ দিশে আগবাঢ়ে। গতিকে এই সময়ছোৱাত কিদৰে এজন শিশুৰ সৰ্বাংগীন বিকাশ সম্ভৱ হ'ব পাৰে তাৰ বাবে প্ৰতিজন অভিভাৱক সজাগ হ'ব লাগে। শিশুসকলক সঠিক শিক্ষা তথা সংস্কাৰেৰে পৰিপুষ্ট কৰি তুলিব পৰাকৈ এক বাতাৱৰণ দিব লাগে। কাৰণ এক সুস্থ চিন্তাইহে  মানসিক তথা আধ্যাত্মিক  বিকাশত সহায় কৰে। তাৰ লগে লগে শাৰীৰিক বিকাশৰ  ক্ষেত্রত প্ৰত্যেকজন শিশু যাতে পুষ্টিকৰ খাদ্যৰে পৰিপূৰ্ণ হৈ উঠে তাৰ প্ৰতিও বিশেষ দৃষ্টি ৰাখিব লাগে। ইয়াৰ লগতে সমাজ এখনৰ অংগ হিচাপে প্ৰত্যেক শিশুক  সামাজিক মূল্যবোধৰ শিক্ষাও প্ৰদান কৰিব লাগে। কাৰণ এই সময়ত যেনেধৰনৰ আচৰণ দেখুওৱা হয় শিশু এজনে তেনেধৰণেৰে নিজকে সজাই লয়। গতিকে, এই সকলোবোৰ দিশত প্ৰত্যেকজন শিশুক উচিত শিক্ষাৰে শিক্ষিত কৰি এক সুস্থ প্ৰজন্ম গঢ়ি তোলাত আমি সকলোৱে  বৰঙণি যোগাব লাগে ।

📝বৰ্ণালী বৰগোহাঁই 
লখিমপুৰ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)