তই আহিছ' নেকি (?) শৰৎ ।
মােৰচােন গ্ৰীষ্মৰ বৃষ্টিৰ বসন
এতিয়াও শৰীৰৰ পৰা যোৱাই নাই ।
নদী -চাপৰিতো কহুৱা নুফুলা হ'ল !
কি দিন !
শৰৎৰ মিঠা- মিঠা বতাহ
মৃদু -মৃদু নিয়ৰ ভৰা বায়ু জাক
অহানাই চোন মোৰ কাষলৈ...।
অৰ্ধ -মেঘাচ্ছন্ন মেঘাকাশ
তোক কেনেকৈ শৰৎ বুলি কওঁ ???
মােৰ বাৰীৰ মাটিতো চকুপানী ???
ধেৰুৱা শাকৰ সোৱাদ কেনেকৈ লওঁ ?
মােৰ সৰু পো শৰৎ
আহিলি যেতিয়া
নাদৰাকৈ থাকো কেনেকৈ ??
তথাপিও তই আমাৰ শৰৎ ॥॥
এতিয়া শৰতে
মেঘক আঁতৰাই
কুৱলীৰ সতে খেলিব
গোটেই নিশা
শৰতে তৰাৰ সতে কথাপাতি
আকাশ শুৱনি কৰিব
আৰু আমাৰ মনবােৰো ফৰকাল কৰিব ॥
তই আহিলেই
আমাৰ আহুকাল কমে
গছ-গছনিয়ে
বন-বননিয়েও নাচে
জহা পথাৰৰ
মৃদুকোমল গোন্ধে
আমোলমোলাই
আবেলিতো...... ॥
শৰতৰ গধূলিৰ জোনাক বিছাৰি
আইতাৰ সাধুকথা শুনিবলৈ
সকলোৰে হেপাহঁ ...॥
শৰতেই আনি দিয়ে
শান্তিৰ বতাহ
আনে নাতিশীতোষ্ণ
পৰিৱেশ ॥
গৰ্ভৱতী নদীয়ে প্ৰসৱৰ অন্তত
উশাস লয় আৰু নাচে বিৰিণা কহুৱাৰ
ফুলৰ সতে ॥
📝মীনা পামে গাম
চিপাঝাৰ, দৰং
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ