আজিৰ সমাজ

©Admin
0

আজিৰ সমাজত
   চৌদিশে ছানি ধৰিছে
নিষ্ঠুৰতা প্ৰৱঞ্চনাৰ
     ক'লা ডাৱৰ
নিৰ্যাতন,প্ৰতাৰণা
    পীড়িত জনগণ।
সকলোৰে লক্ষ্য মাত্ৰ
  আৰ্জিবলৈ অৰ্থ ধন।
 ধন ঐশ্বৰ্যৰ প্ৰভাৱে
সমাজত নৈতিক অধ:পতন ঘটাইছে,
   অপ্ৰিয় হ'লেও সত্য
দৰিদ্ৰৰ নাই বন্ধু
   নাই সমন্ধ পৰিচয়,
দৰিদ্ৰ মানেই প্ৰৱঞ্চনা
       প্ৰতাৰণাৰ আহিলা
              নেকি?
 এজনৰ ওপৰত অত্যাচাৰ হয়,
   দহ জনে ৰংমনে চাই
উফ!কি মৰ্মান্তিক 
         বেদনা,
 মুখত লগা আছে তলা
  এয়াই আজিৰ
অৱহেলিত সমাজ।
 
✍মহেশ মুণ্ডা
তিনিচুকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)