লিজি ভালছাকেজে

©Admin
0
১৯৮৯ চনত টেক্সাচ'ত জন্ম গ্ৰহণ কৰিছিল। দেখাত এগৰাকী ভয়ংকৰ, কুৎচিত আৰু এটা চকু অন্ধ। সভ্য সমাজে তাইক বিশ্বৰ আটাইতকৈ কুৎচিত নাৰী হিচাপে স্বীকৃতি দিছে।

সমাজৰ সকলোৱে তাইক আত্মহত্যা কৰিবলৈ, সমাজৰ পৰা লুকাই থাকিবলৈ কৈছিলে। কিন্তু তাই কাৰো কথাত গুৰুত্ব নিদি নিজেই জীৱনত চাৰিটা লক্ষ্য ঠিক কৰি ল'লে। প্ৰথমটো- এগৰাকী সুবক্তা হোৱা, দ্বিতীয়টো- স্নাতক ডিগ্ৰী লাভ কৰা, তৃতীয়টো- নিজৰ লিখা কিতাপ প্ৰকাশ কৰা আৰু চতুৰ্থটো- নিজৰ কেৰিয়াৰ তথা পৰিয়াল গঁঢ়া।

তাইৰ প্ৰথমটো লক্ষ্য আগত ৰাখিয়েই যোৱা সাত বছৰৰ ভিতৰত ২০০ তকৈয়ো বেছি ৱৰ্কছপত ভাষণ প্ৰদান কৰিছে। টেক্সাছ স্টেত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে। কেনেকৈ অভিনবত্বক স্বীকৃতি দিব লাগে, ঘাত-প্ৰতিঘাত অতিক্ৰম কৰি কেনেকৈ জীৱনক গ্ৰহণ কৰিব লাগে, প্ৰতিকুল পৃথিৱীত ঘুৰি থিয় হ'ব লাগে , নিজক ভালপাব লাগে, সাত বছৰ ধৰি এই বিষয়ৰ ওপৰতেই বক্তৃতা দি আহিছে লিজিয়ে। আৰু আজি এগৰাকী সুবক্তা হিচাপে গোটেই পৃথিৱীত স্বীকৃতি পাইছে।

২০১০ চনত লিজিয়ে লিখিলে তাৰ আত্মজীৱনীমূলক কিতাপ "Lizzie Beautiful" , ২০১২ চনত তাইৰ দ্বিতীয়খন কিতাপ  "Be Beautiful, Be You" প্ৰকাশ পোৱাৰ লগে লগেই গোটেই বিশ্বত সমাদৰ লাভ কৰিবলৈ সক্ষম হয়।

এদিন Twitter ত লিজিৰ এজন বন্ধুৱে লিখিছিল- "This young woman is a very good example of what it means to be truly Beautiful". আৰু এজন বন্ধুৱে কৈছিলে- "লিজি কুৎচিত নহয়। কুৎচিত হ'ল আমাৰ চকু।"
লিজিৰ মাকে কয়- "I love Lizzie, I would be proud to be her Mom".

অথচ আমি সুস্থ সবল মানুহ হৈয়ো কিয় ইমান নিৰাশাত ভোগো। জীৱনৰ সৰু সৰু কথাতে আত্মহত্যা কৰোঁ। নিজৰ ৰূপ-চেহেৰা, ধন-সম্পত্তি, প্ৰেমৰ বাবে কিয় মূল্যবান জীৱন শেষ কৰি দিও। Fair & Lovely, LUXৰ বিজ্ঞাপন দেখি, আনৰ ধন-সম্পত্তি দেখি কিয় হীনমান্যতাত ভুগো। 

ভৱিষ্যৎ কেতিয়া চেহেৰা বা ধনেৰে সাজিব নোৱাৰি। নিজৰ নিজৰ কৰ্মই পাৰে সুন্দৰ এটা ভৱিষ্যৎ সাজিবলৈ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)