এজন শুভাকাংশী

©Admin
0


সময় আগুৱাই বৰ্তমান অতীত হয় | সময়ে কেতিয়া কাক কেনেকৈ উপস্থাপন কৰে, কাক কেনে ধৰণে  সমাজত চিনাকি দিব পৰাকৈ সক্ষম কৰি তোলে তাক কোনেও আগতীয়াকৈ কৈ থব নোৱাৰে | আগৰ কথা বেলেগ আছিল , কথাবোৰ , কামবোৰ, আমাৰ আত্মীয়তা বেছি গভীৰ আছিল | আজিৰ দিনটোত আমি বহু আগুৱাই গলো | মঙ্গলত থাকিবলৈকো আশা কৰিব পৰা হলো | কিন্তু আমি কিবা এটাৰ পৰা আতৰি আহিলো | নিজেই যেন নিজৰ পৰা |  কাৰোবাক উদগনি দিব পৰাকৈ এষাৰ মাত , এটা ভাল খবৰ পালে ধন্যবাদ সুচক এষাৰী মন্তব্য দিবলৈ যেন আমাৰ আহৰি সদিচ্ছাৰ অভাৱ অনুভৱ কৰিবলৈ ললো | কেৱল নিজা নামৰ বৃত্তটোৰ ভিতৰত সোমাই থাকি লেটা হৈ পৰিলো | 
     আমি যেন কাৰো শুভাকাংখী হ'ব নোৱাৰো তেনে হ'ল | তথাপিও কৰবাত নহয় কৰবাত তেনে মানুহ আজিও আছে | জানা অজানা , চিনাকি অচিনাকি যিয়েই নহওক তেনে লোকৰ পৰা পেৱা এষাৰী কথাই আজিৰ যান্ত্রিক সময়ত নিজৰ বয়সটো কমি যোৱা যেন অনুভৱ হয় | 
    আমি বাৰু এজন শুভাকাংখী হ'ব নোৱাৰোনে ? এজন শুভাকাংখী হ'ব'লৈ ধনৰ খৰছ নহয় | আমি মনেৰে ধনী হ'ব নোৱাৰোনে ?
আপোনাৰ মোৰ এষাৰী কথাই কাৰোবাৰ মনত যদি আনন্দ দিব পাৰে সেয়াবাৰু কম গৌৰৱৰ কথানে ? আমি যে সেই গৌৰৱৰ অধিকাৰী হ'ব পাৰিছো সেইটোও আনন্দৰ কথাই দিয়কচোন | আমি যেন আত্মিয়তাৰ পৰা বহুযোজন দূৰত বসবাস কৰিবলৈ লৈোছো | কিয় এনে হ'ল আমাৰ | 
    এজন শুভাকাংখীৰ এটা কথাই বহু প্রেৰণা লাভ কৰিব পাৰি | জীয়াই থকাৰ আনন্দত উদবাউল হ'ব পাৰি | তেনে শুভাকাংখী আমাৰ বহু প্রয়োজন | তেনে প্রয়োজন সদৃস ব্যক্তি সমূহ আছে বাবেই সমাজ খন সুন্দৰ হৈ আছে | আকাশ আৰু সাগৰৰ পানী নীলা হৈ আছে , পাহাৰ সেউজীয়া হৈ আছে , বগলী, গাখীৰ বগা হৈ আছে , কাউৰী ,কুলি ক'লা হৈ আছে | 
    পৰিস্থিতি আমি সলনি কৰিব পাৰো সেই ক্ষমতা আামাৰ আছে | আহক আমি আমাৰ হৃত গৌৰৱ ফিৰাই আনো আৰু মানুহ হোৱাৰ গৌৰৱ অৰ্জন কৰো | আহক আমি পৰস্পৰে পৰস্পৰৰ শুভাকাংখী হওঁ  |

     📝হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)