মোৰ দেউতা - এক বাস্তৱিক কাহিনী (খণ্ড-১০)

©Admin
0

টোকাঃ" মোৰ দেউতা " এক বাস্তৱিক কাহিনী ধাৰাবাহিকৰ আজি অন্তিম খণ্ডটি পাঠকবৃন্দলৈ আগবঢ়ালোঁ 

মনু ঘৰলৈ উভতি অহাৰ পাছত নুমলীগড় চাহবাগিছাত প্ৰথম বাৰৰ বাবে কৰম পৰৱ পাতিবলৈ সক্ষম হ'ল ৷ তিনি বছৰ কৰম পৰৱ পতাৰ পাছত মনুৰ পত্নী জোনাকী গৰ্ভৱতী হ'ল লগেলগে চিকিৎসাধীন কৰা হ'ল কিন্তু মনুৱে কল্পনাই কৰা নাছিল যে তাৰ লক্ষ্মীস্বৰূপ পত্নীয়ে এটা পুত্ৰ সন্তান দি চিৰদিনৰ কাৰণে তাৰ জীৱনৰ পৰা আঁতৰি যাব বুলি ৷ পত্নীৰ বিয়োগৰ পাছত মনু বিপাঙত পৰিল কণমানি শিশুটোক লৈ আৰু শেষত শিশুটোৰ লালন পালন ভালকৈ হব বুলি দ্বিতীয় বিবাহ পতাৰ সিদ্ধান্ত ল’লে আৰু ৰঙামাটিৰ জয়মতী ৰবিদাস নামৰ তিৰোতাগৰাকীক বিয়া কৰালে ৷ প্ৰথম অৱস্থাত জয়মতীৰ চালচলন ভালেই আছিল সময় চক্ৰৰ সৈতে জয়মতীৰো মন সলনি হ'ল সন্তানটিক দুখ কষ্ট দিবলৈ ধৰিলে ৷ এদিনাখন হঠাৎ মনু বেমাৰত বিচনা ধৰিবলগীয়া হ'ল আৰু চাওঁতে চাওঁতে পাঁচটা বছৰ ধৰি ৰোগৰ সৈতে যুঁজি বিচনাৰ পৰা উঠিল কিন্তু আগৰদৰে মনুৰ খোজ কাঢ়িব পৰা ক্ষমতা হেৰুৱাব লগা হ'ল ৷ যিহেতু বাওঁ ভৰিখন কাম নকৰা হ'ল ৷ তথাপিও মনু ভাগ্যৰ ওচৰত পৰাজয় বৰণ নকৰি জয়মতীৰ সৈতে আকৌ নতুন জীৱনৰ পাতনি মেলিলে ৷

মনুৰ প্ৰথম পত্নীৰ দ্বিতীয় পুত্ৰ সন্তানৰ প্ৰতি থকা দায়িত্ব মনুৱে পাহৰি পেলালে ফলত জয়মতীয়ে এই সুযোগৰ ভৰপূৰ লাভ উঠাবলৈ ধৰিলে মনুৰ অনুপস্থিতিত মনুৰ প্ৰথম শিশুটোৰ ওপৰত অত্যাচাৰ আৰু উৎপীড়ন দিনক দিনে বেছি কৰিবলৈ ধৰিলে ৷ সেয়াই নহয় বিনা কাৰণত মিছা কথা লগাই মনুৰ হাতৰ  পৰা মাৰকিলও খোৱাবলৈ ধৰিলে ৷ মনুৱে জয়মতী দুটা পুত্ৰ সন্তান পোৱাৰ পাছত প্ৰথম পত্নীৰ সন্তানটোক অকণমানো মৰম নকৰা হ'ল এনেদৰে দিন অতিবাহিত হৈ থাকিল কিন্তু  কয় নহয় " যাকে ৰাখে হৰি তাকে মাৰে কোন " মনুৰ প্ৰথম পত্নীৰ সন্তানটোৱে পঢ়াশুনা আদিৰপৰা ধৰি সকলো দিশতে নিজৰ পাৰদৰ্শিতা  যেতিয়া দেখোৱাবলৈ ধৰিলে তেতিয়া মনুৰ ভ্ৰমৰ পৰ্দা চকুৰ পৰা আঁতৰিবলৈ ধৰিলে ৷ মনুৱে সন্তানটোক অতিবেছি মৰম কৰিবলৈ আৰম্ভ কৰিলে কিন্তু জয়মতীৰ আগত নহয় গুপ্তভাৱে ইয়াৰ কাৰণ হ'ল জয়মতীৰ প্ৰতি থকা মনুৰ ভালপোৱাৰ দুৰ্বলতা ৷ মনুৱে ভাৱিছিল

 " যদি মই মোৰ প্ৰথম পত্নীৰ সন্তানটোক জয়মতীৰ আগত মৰম আদৰ কৰোঁ তেতিয়া তাই হয়তো মোৰ পৰা আঁতৰি গুছি যাব " 

সেইকাৰণে মনুৱে প্ৰথম পত্নীৰ সন্তানটোৰ মূল্য বুজি সকলো সাসুবিধা টকা পইচা গুপ্তকৈ দিছিল ৷ তথাপিও জয়মতীৰ প্ৰতি থকা আশক্তিৰ ফলত প্ৰথম পত্নীৰ সন্তানৰ লগত মৰম চেনেহৰ ক্ষেত্ৰত অন্যায় কৰিবলগীয়া হৈছিল যাৰ ফল মনুৱে মনুৱে অতি শীঘ্ৰে ভৱিষ্যতত ভুগিব লগা আছিল ৷

বৰ্তমান মনু ৭৮ বছৰীয়া বৃদ্ধ ইতিমধ্যে জয়মতী আৰু জয়মতীৰ দুটি সন্তাননে মনুক একাষৰীয়া কৰি পেলাইছে ৷ কিন্তু মনুৰ কিছু পুন্য ফলৰ কাৰণে হয়তো প্ৰথম পত্নীৰ সন্তান দুলাল ৰবিদাস অৰ্থাৎ মই বাপেকৰ ভুলখিনিক আওকাণ কৰি জীৱনৰ অন্তিম ক্ষণত দেউতাকৰ শুশ্ৰূষা কৰি পুত্ৰ ধৰ্মৰ পালন কৰি আছোঁ ৷ গতিকে এইয়াই আছিল মোৰ দেউতাৰ জীৱন বৃতান্ত ৷ শেষত গুৰুজনাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে মোৰ দৰে আন কাৰোবাৰ জীৱন নহয় বুলি জয় গুৰুদেৱ ৷

📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)