লোক সংস্কৃতিৰ অন্যতম প্ৰধান উপাদান হৈছে - ধৰ্মীয় ৰীতি - নীতি বা পৰম্পৰা

©Admin
0



 
             হিন্দু ধৰ্মৰ মতে ভাদ মাহক পৱিত্ৰ  মাহ হিচাপে বিশ্বাস কৰা হয় । কিয়নো ; এই পৱিত্র ভাদ মাহতে আমাৰ দুয়োজনা পৰম গুৰুৰ আৱিৰ্ভাৱ তিথি পৰাৰ লগতে স্বয়ং ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ গ্ৰহণ কৰি ভগৱান শ্ৰী কৃষ্ণৰ আৱিৰ্ভাৱ হৈছিল । ইয়াৰ উপৰিও দেৱতাসকলৰো পূজাৰ তিথি এই পৱিত্র ভাদ মাহতে পৰে ।  যিহেতু , হিন্দু ধৰ্মীয় পৰম্পৰা অনুসৰি তিথি অনুসৰি হে পূজা - অৰ্চনা কৰা হয় । 
             বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা বা বিশ্ব জয়ন্তী  তিথি প্ৰতিবছৰে পৱিত্র ভাদমাহৰ সংক্ৰান্তি বা কন্যা সংক্ৰান্তিত পালন কৰা হয় ।
              কলকাৰখানা , উদ্যোগ প্ৰতিষ্ঠান , দোকান , চৰকাৰী - বে চৰকাৰী অফিচ , ব্যক্তিৰ নিজা গৃহত এই পূজা উলহ - মালহেৰে পালন কৰা হয় ।
             পূজাৰ আগদিনা ঘৰ - দুৱাৰ পৰিষ্কাৰ কৰা হয় , আৰু যন্ত্ৰ - মেচিন আদি সঁজুলি সমূহ সুন্দৰ কৈ পৰিষ্কাৰ কৰি তোলা হয় ।চাইকেল , গাড়ী বিভিন্ন যান-বাহনৰ সমূহ ধুই ৰখা হয় আগদিনাই । বিশ্ব জয়ন্তী বা বিশ্ব কৰ্মা পূজাৰ দিনা পুৱাই মন্দিৰত ধূপ - চাকি - বন্তি জ্বলাই  যান - বাহন বা বিভিন্ন মেচিন সমূহত গামোচা বা মালা পিন্ধোৱা হয় ।
              বিভিন্ন স্থানত বিশেষকৈ ৰাজহুৱা বা সমূহীয়া কৈ  অনুষ্ঠিত পূজা মণ্ডপত বিশ্ব খনিকৰ মৃণ্ময় মূৰ্তি পুৰোহিতৰ দ্বাৰা প্ৰতিষ্ঠা কৰি ধূপ - ধূনা - চাকি - বন্তি জ্বলাই , মাহ - প্ৰসাদ ,ফল-মূল আৰু ভিন্ন ধৰণৰ সুস্বাদু মিঠাই নৈবেদ্যৰে প্ৰভুৰ শ্ৰীচৰণত শৰাই আপ্যায়ন কৰা হয় আৰু সমূহ ভক্তগণে দেৱতাৰ আশীষ নিৰ্মালি শিৰত লয় ।
             প্ৰভু বিশ্বকৰ্মা আছিল বিষ্ণুৰ পুত্ৰ । তেওঁক আমি সকলোৱে বিশ্বখনিকৰ ৰূপে মানি আহিছো যুগ যুগ ধৰি । তেওঁ দেৱতাৰ বাসগৃহ , দেৱতাৰ ৰথ , যুদ্ধৰ অস্ত্ৰ আদিসমূহ নিৰ্মাণ কৰিছিল । সেয়ে ; শ্রী শ্ৰী বিশ্বকৰ্মাক সকলো কাৰিকৰী লোকে অৰ্থাৎ যন্ত্ৰ - পাতি ব্যৱহাৰ কৰা লোকসকলে স্থাপতিবিদে যুগে - যুগে পূজা অৰ্চনা কৰি আহিছে ।
             প্ৰভু বিশ্বকৰ্মা দেখিবলৈ অতি বিতোপন আছিলে । মূৰত সোণৰ মুকুট পৰিধান কৰে আৰু সোণৰ অলঙ্কাৰেৰে বিভূষিত প্ৰভু চতুৰ্ভূজ আকৃতিৰ ( চাৰিখন হাত ) এহাতে বাৰিপূৰ্ণ কমণ্ডল , অন্য হাতে এডাল ফাঁচিজৰী আকৌ এহাতে এখন শাস্ত্ৰ আৰু আনখন হাতে কাৰিকৰী যন্ত্ৰপাতি লৈ থাকে।
           বিশ্বকৰ্মাৰ অস্ত্ৰ তুলাচনী ,হাতুৰী অন্যান সঁজুলি আৰু বাহন আছিল বগা ৰাজহাঁহ আৰু বগা হাতী । 
           প্ৰবাদ অনুসৰি লংকা নগৰী নিৰ্মাতা আছিল বিশ্বকৰ্মা আৰু বিষ্ণুৰ সুদর্শন চক্ৰ , শিৱৰ ত্ৰিশূল , কুৱেৰৰ অস্ত্ৰ দেৱতাৰ ৰজা ইন্দ্ৰৰ বজ্ৰ , কাৰ্তিকৰ শক্তি আদি নিৰ্মাণ কৰিছিল । তদুপৰি শ্ৰীক্ষেত্ৰৰ প্ৰসিদ্ধ জগন্নাথ মূৰ্তিও নিৰ্মাণ কৰিছিল আৰু বিভিন্ন মঠ - মন্দিৰ নিৰ্মাতা বুলি যুগ যুগান্তৰ প্ৰবাদ আছে ।
            মন্ত্ৰ - " ওঁ বিশ্বকৰ্মায়ে নমঃ"
         
         সমাপ্তি

📝টিংকু মনি দত্ত 
চন্দ্ৰকমল বেজবৰুৱাৰ মহাবিদ্যালয় , টীয়ক 
ৰাজনীতি বিজ্ঞান বিভাগ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)