আহিনৰ নঙলা খুলি

©Admin
0

শৰত আমাৰ প্রিয় ঋতু | কাৰণ শৰত হৈছে উচবৰ ঋতু | বিশ্বকৰ্মা পূজাৰ পৰা আৰম্ভণি ঘটিল উচবৰ | আজি তাৰ শুভ আৰম্ভণি ঘটিল | আহিনৰ নঙলা খুলি শৰত আহিল | শৰত মানে দূৰত কহুঁৱা ফুলিল | যেন এখন বগা চাদৰ | নীলা আকাশৰ তলত শুকুলা চাদৰে যেন জেউতী চৰাইছে | আমোল মোল  শেৱালি গোন্ধে প্রকৃতিলৈ নতুন গতি আনিছে আকাশৰ কলিয়া ডাৱৰ আতৰি গৈছে | বোকা পানী কদৰ্যময় পৰিবেশ নোহোৱা হৈ এক অনাবিল পৰিবৰ্তন আহিছে | স্নিগ্ধ জোনাক , 
আহ কি মন ভৰি যায় | শৰতৰ জোনাক মায়াময় হয় | আহিনৰ এটা সুকিয়া বৈশিষ্ট আছে | আহিনত শেৱালী ফুলে , দুৱৰীত নিয়ৰ পৰে | নিয়ৰ যেন মুকুতা হৈ সৰে | কবি, গীতিকাৰ , সকলো উদ্বাউল হৈ পৰে | সকলোৱে শৰতৰ প্রেমত পৰে |  আমাৰ প্রাণৰ শিল্পী ড ভূপেন হাজৰিকাই কৈছিল....
      আহিন মহীয়া শেৱালী সৰিলে নিয়ৰত তিতিলে বন |
তাৰ উপৰিও জগত গুৰু শ্রীমন্ত শংকৰদেৱেও শৰতৰ অপূৰ্ব বৰ্ণনা কৰিছে |  কিমান যে বৰ্ণনা শৰতৰ | শৰতৰ ৰাগিত মতলীয়া হয় সকলো | শৰতৰ মায়াময় জোনাকৰ কুৱলীৰ আস্বাদনৰ তলত বহি পাহৰি থাকিব পাৰি অনেক দুখ | কিমান যে উচব  এয়া বিশ্বকৰ্মা পূজা গ'ল | ইয়াৰ পিছত দুৰ্গা পূজা , লক্ষীপূজা, কালীপূজা ,  ৰাস আদি | আহিন ভাল নোপোৱা , শৰত ভাল নোপোৱা মানুহ নোলাব কিজানি | কোন নপৰে শৰতৰ প্রেমত | শৰত , শেৱালী , নিয়ৰ যেন সকলো একাকাৰ হৈ পৰে | বাৰিষাৰ কদৰ্যময়ী  পৰিবেশৰ পৰা পৰিত্রান বিচাৰি সকলোৱে যেন বাট চাই থাকে এই শৰতলৈ | কাৰণ শৰত উচবৰ বাটচৰা | এই শৰত সকলোৰে বাবে মোহনীয় হওক | সাম্প্রতিক পৰিবেশে আমাক তেনে কৰিবলৈ বাধ্য কৰিব | প্রকৃতিৰ ওচৰত আমি নিৰুপায় | 

    📝হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)