কলঙ্ক

©Admin
0

(এটা চকুৰ আগতে ঘটা ঘটনা । মই মাথোঁ তুলি ধৰিবলৈ ওলাইছো গল্পৰ আকাৰত)
মই  এনিষাই কৈছোঁ
১৯৮৯চনৰ কথা  , কওঁতে  মই  বহুবাৰ  বুকুত  ধৰফৰণি  অনুভৱ  কৰিব লাগিব  । সচাঁ কথাবোৰ কেতিয়াবা  বৰ লজ্জাজনক  হয় বাবে  সচাঁ কথাই  চাৰিবেৰৰ ভিতৰত  নিশ্বাস ত্যাগ কৰে বিচাৰ নোহোৱাকৈ।নিৰীহ  নাৰীয়ে   মিছা কলঙ্কৰ বুজা  কঢ়িয়াই কঢ়িয়াই  জীয়াই থাকিবলগীয়া
 হয় ।

মোৰ বয়স তেতিয়া  বাইছ   বছৰ ল'ৰাৰ বয়স পাঁচ ,এবছৰৰ আগে ছোৱালী এজনী হৈ ঢুকাইছিল , সেই দিনা জুলাই মাহৰ চৈধ্য তাৰিখ আছিল ।মাক পুতেকে  আমি ছোৱালীজনীৰ কথা ভাবি ভাবি ঘৰৰ সমুখৰ  চিৰিতে বহি চকুলো টুকি আছিলোঁ ।হঠাতে ক'ৰবাৰ পৰা মোৰ বৰজনা আহি সোমালহি ;ৰঙা পানীৰ গোন্ধত  মলমলাই আছিল ।চাৰি বজাত ঘৰৰ সকলো শুই থাকে । ওচৰলৈ মাতি মোক ক'লে  তেওঁৰ  পৰিবাৰৰ হেনো  মোৰ গৃহস্থৰ স'তে অবৈধ  সম্পৰ্ক আছে । সেয়েহে তেওঁ  মোৰ লগত এটা  গোপন সম্পৰ্ক গঢ়ি  তোলাৰ অনুৰোধ  কৰিলে  ।মই  অহা  দিনৰ পৰাই  মোৰ প্ৰতি তেওঁৰ  দুৰ্বলতা  আছিল সেই কথা ব্যক্ত কৰিলে ।সেই কথা মোৰ শাহুৱে জানিছিল বাবে তেওঁ  ৰঙা পানী খাই মোৰ ওচৰলৈ আহিলে শাহুৱে  বুজাই পৰাই লৈ গৈছিল। কথাটো শুনি  পৃথিৱীৰ সকলো লাজৰ  সেইদিনা চাগৈ মৃত্যু  হৈছিল  ।(কথাটো  কোৱাৰ সময়ত  তেওঁৰ গৃহিণী  মাকৰ ঘৰলৈ গৈছিল ) শুনি  কাণেৰে জুইহে যেন ওলাবলৈ লৈছিল। ঈশ্বৰক সাক্ষী কৰি  মই  নিজৰ সভ্যতাৰ  ৰক্ষা কৰি  কৈ পেলালো, "আপোনাৰ লগত মোৰ যি সম্বন্ধ ই অতি গভীৰ , এতিয়া  আপুনি  বৰজনা , শহুৰবিহীন দিনত আপুনি মোৰ পিতৃতুল্য।"লাজত আৰু খঙত  বলিয়া হৈ  দুৱাৰখন ভীষণ জোৰেৰে  মাৰি ভিতৰলৈ সোমালগৈ ।

পিছদিনা  ৰাতিপুৱা  মোৰ গৃহস্থ কামলৈ ওলাই গৈছিল  ।ল'ৰাকণক  গা ধুৱাই  ৰুমলৈ আহোঁতে  হঠাৎ কিবা শব্দ  পাই ল'ৰাৰ  হাতত ধৰি দৌৰি গৈ  দেখো  ,বৰজনাই  মোৰ গৃহস্থক বগৰাই বগৰাই  মাৰি আছে ।
আৰু  বাৰে বাৰে কৈছে এইটো  মোৰ ঘৰ ইয়াত  মই  থাকিম ইত্যাদি   বহুতো  কথা ।
 
নিৰাপত্তাবিহীন অসহায়ভাৱে  গৃহস্থক ৰুমলৈ আনি  ,প্ৰথমবাৰ গৃহস্থক  ক'লো , "তোমাৰ পৰিয়াল তোমাৰ মা - দেউতাৰ  স'তে তুমি  থাকা যদি থাকা ।আতংকৰ  মাজত ল'ৰাটো লৈ থাকিবলৈ  মোৰ ভয় লাগিছে ।"

চাৰিদিন  পিছৰ পৰাই  আমাৰ ভাড়াঘৰৰ জীৱন আৰম্ভণিৰ প্ৰথম পদক্ষেপ। গৃহস্থই ল'ৰাকণক লগত দি মোক মাৰ  ঘৰলৈ পঠিয়াই দিলে । কিছুদিন  মাৰ ঘৰত থাকি ঘূৰি আহি  ভাড়াঘৰত সোমালোহি ।
 বৰজনাৰ গৃহিণী (মোৰ জা) আমি ঘৰ এৰাৰ সময়ত নাছিল  যদিও   ,বৰজনাই  সজাই  মেলি  কথাবোৰ  মোকে  দোষী  বনাই  উপস্থাপন  কৰিলে । ল'ৰা ছোৱালীক মই  ঘৰভঙা বোৱাৰী  বুলিয়ে  জনাই ডাঙৰ  কৰিলে ।
  
সময়  বহু  পাৰহৈ গ'ল জীৱনৰ  ,অবৈধ  সম্পৰ্কৰ  স'তে বুজাবুজি  আপোচ  নকৰাৰ বাবেই  ,গোটেই জীৱনটো  মিছা কলঙ্কৰ বোজা কঢ়িয়াই কঢ়িয়াই জীয়াই থাকিবলগীয়া হ'ল ।

📝ডলী গোস্বামী
তেজপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)