স্বাধীন ?

©Admin
0
সজাৰ পৰা মুক্ত হোৱাত সফল আজি;
স্বস্তিৰ উশাহ হৈ উন্মুক্ত তুমি ৷
মুকলি আকাশৰ বিহংগ হৈ স্বাধীনতাবোৰ সাৱতি লোৱা ,
কিমান দূৰ আগুৱাব পাৰিবা বাটতো এবাৰ চোৱা ৷
কিমান দূৰলৈ স্বাধীন তুমি
সীমা থকা লৈকে,
চিকাৰীৰ চকু নপৰালৈকে ?
পিছে তীক্ষ্ণ চিকাৰীৰ চকু নাযায় ক’ত?
ক’লা জগতখনৰ শুদ্ধ শুভ্ৰতাবোৰ যে একেবাৰে স্বচ্ছ !

কিহেৰে বিদ্ধ হ’লা তুমি
বন্দুকৰ গুলিৰে নে ধনুৰ কাঁড়েৰে ?
বিষবোৰে উজাই আহি হেঁচুকি ধৰিছেনে মন মগজুত ?
দুৰ্বল হৈ পৰিছা নে এই আঘাতে অধিক সবল কৰি তুলিছে তোমাক ?
পাৰ পাইছানে ভাবি ভুল ক’ত হৈ গ’ল,
কি দোষৰ শাস্তি এয়া !
মুক্ত স্বাধীনতাটো তোমাৰ অধিকাৰ আছিল,
তাক সাব্যস্ত কৰিব যোৱাত কিহৰ হেঙাৰ এয়া !

জীয়াই আছা এতিয়াও;
জীৱিত হৈয়ে থাকিবা ৷
মাথো উন্মুক্ত হ’ব নোৱাৰা ,
সেয়ে ডেউকা কাটি মাটিত তুমি ৷
স্বাধীনতা নাই তোমাৰ,
উৰাৰ স্বাধীনতা নাই,
তোমাৰ বাকস্বাধীনতা নাই ৷
কথা ক’বলৈ শিকাব,
মাথো ভাষা তাহাঁতৰ হ’ব
“অ -অমিতা, আ-আম" 


    🙏অনামিকা গোৱালা 
      ৰাজমাই,শিৱসাগৰ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)