বকতা

©Admin
0
ঐতিহাসিক ঠাই শিৱসাগৰ বকতা
সৌন্দৰ্য্য ইয়াৰ বিনন্দীয়া 
চাৰিওদিশে গছ-গছনিয়ে ভৰপুৰ 
পৰিৱেশ ইয়াৰ সেউজীয়া 
 আহোম ৰজা ৰাজধানী এই বকতা 
বকতা নীলা আকাশত 
শান্তিৰ পাৰ হাল উৰে
বনৰীয়া চৰাইৰ সুৱদি গীতত
মন-প্রান আনন্দত ভৰে
 আহোম ৰজা চুহুংমুং দিহিঙ্গীয়াৰ ৰাজধানী এই বকতা
মোৰ জন্ম ভূমি এই বকতা 
মই এই মাতৃভূমিৰ পৰাই
মই জীৱনৰ পাতনি মেলো
দিনক দিনে আগবাঢ়ি গৈছে মোৰ জন্মভূমি বকতা
প্ৰগতি পথত এই ঠাই 
ধর্মৰ মিলন ভূমি এই বকতা
উচ্চ-নীচ ভাৱ ইয়াত নাই
বিনন্দীয়া এই বকতা 
গুণী-জ্ঞানী জনে ভৰা
মোৰ এই জন্মভূমি বকতা 
শিক্ষা সাহিত্যৰ ক্ষেত্ৰত নাই পিছ পৰা 
এয়ে মোৰ জন্মভূমি বকতা।। 

     📝 লোকেন্দ্র কুমাৰ দাস 
অসমীয়া বিভাগ তথা শিৱসাগৰ জিলাৰ সাহিত্য সমাজৰ সাধাৰণ সম্পাদক ,শিৱসাগৰ অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)