সফলতাৰ আঁৰৰ কেইটামান 'স'

©Admin
1
 প্ৰত্যেক ব্যক্তিয়েই জীৱনত সফলতা অৰ্জন কৰিবলৈ বিচাৰে। সুন্দৰ এটা জীৱন সকলোৱে লাগে। কোনেও নিবিচাৰে যে তেওঁৰ জীৱনত সমস্যাৰ উপদ্ৰৱ হওঁক। মাথোঁ বিচাৰে জীৱনে যেন মনে বিচৰা সকলো দি যাওক। হাঁহিৰে উপচি পৰক জীৱনৰ দিন, সপ্তাহ, মাহ.....

               সফলতাৰ এই অবিৰত যাত্ৰা সুগম নহয়। এই পথ কণ্টকাকীৰ্ণ। জীৱনৰ প্ৰত্যেক স্তৰতে সন্মুখীন হোৱা প্ৰত্যাহ্বান নেওচিহে আমি সফলতাৰ উচ্চ শিখৰত উপনীত হ'ব পাৰিম। এই সফলতা লাভৰ বাবে আমি সকলোৱে কষ্ট কৰিবলগা হয়। সেয়েহে এই সফলতাৰ পথটো সজাই তুলিবলৈ আমি কেইটামান 'স' বৰ্ণৰে আৰম্ভ হোৱা শব্দ অনুসৰণ কৰিব পাৰোঁ। তেতিয়া হয়তো আমাৰ জীৱনৰ বাট কিছু হ'লেও নিমজ হ'ব। তেন্তে আমি জানোচোন আহক এই শব্দকেইটানো কি কি!!!!!
                প্ৰথম, সপোন(dream)। আমি সকলোৱে সপোন দেখো। সপোনে আমাৰ আশাক জীয়াই ৰাখে। আব্দুল কালামে কৈছিল যে সপোন সেইটো নহয় যিটো আমি সুপ্ত অৱস্থাত দেখো।  প্ৰকৃত সপোন সেইটোহে যিয়ে আমাক জগাই ৰাখে। হয়, তেওঁৰ এই উক্তিৰ সত্যতা আছে। ভৱিষ্যত জীৱনটো নিৰাপত্তামূলক আৰু সহজবোধ্য কৰিবলৈ আমি সকলোৱে সপোন দেখো। সেই সপোন বাস্তৱায়িত হ'লেই যেন আমাৰ জীৱন সার্থক। সপোনৰ পম খেদিয়েই আগন্তুক দিনৰ পিছত আমি খোজ দিওঁ।
                দ্বিতীয়, সময়(time)। আমি সপোন দেখিলোঁ। পৰিৱেশ পৰিস্থিতি অনুযায়ী সকলোৰে সপোন সুকীয়া সুকীয়া। কিন্তু সপোন বাস্তৱ কৰিবলৈ হ'লে আমি সঠিক সময়ত সপোন দেখিবলৈ শিকিব লাগিব। সঠিক সময়ত দেখা সঠিক সপোনেহে আমাৰ জীৱন সোণোৱালী কৰি তুলিব। অন্যথা অনুপযুক্ত সময়ৰ সপোনে আমাৰ সমগ্ৰ জীৱনত কোনো প্ৰভাৱ নেপেলাব।
                তৃতীয়, সংকল্প (promise)। সঠিক সময়ত দেখা সঠিক সপোনক দিঠক কৰাৰ হাবিয়াস কাৰনো নাথাকিব। নহয় জানো? আমি দেখা স্বপ্নক বৰ্তমানৰ ৰং সানি অতিকৈ মনোমোহা ৰূপত সজাই তুলিব পৰা যাব যদিহে সপোন পূৰণৰ অদম্য হেঁপাহ জাগ্ৰত হয়। দৃঢ় ৰূপত সপোন দিঠক কৰাৰ সংকল্পই আমাক আৰু এখোজ সফলতাৰ দিশে আগুৱাই লৈ যোৱাত সহায়ক হ'ব।
                চতুৰ্থ, সংগ্ৰাম (conflict)। জীৱনৰ সকলো খোজতে প্ৰত্যাহ্বান অহাটো আৱশ্যাম্ভৱী।আমি এই প্ৰত্যাহ্বান প্ৰতিৰোধ কৰি আমাৰ মূল লক্ষ্যত উপনীত হ'বলৈ সংগ্ৰামত অৱতীৰ্ণ হ'ব লাগিব। সংগ্ৰামবিহীন জীৱনৰ কোনো মাদকতা নাই। সংগ্ৰামে জীৱনক এক নতুন মাত্ৰা প্ৰদান কৰে। সেয়েহে কোৱা হয় যে সংগ্ৰামেই জীৱনৰ অন্য এক নাম। সংগ্ৰামী জীৱনৰ অন্তত লাভ কৰা সফলতাৰ আমেজেই সুকীয়া।
                পঞ্চম, সংগ/সান্নিধ্য (company)। জীৱন বাটত আমি একোজন সংগী নিশ্চয় বিচাৰোঁ। তেতিয়া আমাৰ বহুদূৰ অতিক্ৰম কৰাৰ ক্লান্তিও নাথাকিব , যাত্ৰা আনন্দদায়কো হৈ পৰিব। জীৱনৰ আৰম্ভণিতে যেনেকৈ মা-দেউতাই হাতত ধৰি ৰাস্তা দেখুৱাই দিয়ে তেনেকৈ তাৰ পৰৱৰ্তী স্তৰত আমাৰ শিক্ষাগুৰুসকলে আমাৰ পথ মুকলি কৰি দিয়ে। ইয়াৰোপৰি বন্ধু-বান্ধৱ আৰু আমাৰ আত্মীয়সকলেও আমাক সৎ সান্নিধ্যৰে আগুৱাই যোৱাত সহায় কৰে। এজন উপযুক্ত সংগীৰ অবিহনে জীৱনৰ পথ অতি কষ্টকৰ যেন পৰিস্ফুট হয়।
                ষষ্ঠ,সততা(honesty)। জীৱনে কোন দিশে গতি কৰিব আমি তাক নিৰূপণ কৰিব পাৰো। আমি সততাৰ মাৰ্গত থাকিহে জীৱনৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিব পাৰিম। য'ত সততা থাকিব তাত ভগৱানৰ আশীৰ্বাদ সদায় থাকিব। সৎ হৈ থাকি আমি যিমানদূৰ পাৰোঁ আগুৱাই যোৱা উচিত। আমাৰ সকলো সমস্যা আঁতৰি আনন্দৰ খলকনি উঠিব।
                সপ্তম, সন্মান (respect)। আমি পল পথেৰে যেতিয়া লক্ষ্য প্ৰাপ্তিৰ দিশে অগ্ৰসৰ হ'ম তেতিয়া আমি সমাজৰ আৰু দহজনৰ পৰা সন্মান প্ৰাপ্ত কৰিম। অসৎ ব্যক্তিক দহজনে ভয় কৰে আৰু ভয়ৰ কাৰণে সন্মান প্ৰদৰ্শন কৰে। কিন্তু এজন সৎ , নিষ্ঠাৱান ব্যক্তিক অন্তৰৰ পৰা সন্মান জনায়। ইয়ে তেওঁৰ জীৱনৰ অন্য এক অনন্য প্ৰাপ্তি। আনৰ সন্মানৰ পাত্ৰ হ'ব পৰা সমান সৌভাগ্য‌ আৰু নাই।
                অষ্টম, সম্পদ (resource)। আমি যেতিয়া আমাৰ কামৰ যোগেদি অন্য লোকৰ সন্মান আদায় কৰিম, তেতিয়া আমি একোখন সমাজৰ মানৱ সম্পদৰূপে স্বীকৃতি লাভ কৰিম। প্ৰত্যেক ব্যক্তিয়ে সফলতাৰ বাবে বহুত কিবাকিবি কৰে। কিন্তু সকলো সফলতা প্ৰকৃত সফলতা নহয়। যেতিয়া আমি মানৱ সম্পদৰূপে সমাজক কিছু দি যাব পাৰিম তেতিয়া আমাৰ জীৱন ধন্য হ'ব আৰু আমাৰ মানৱ জীৱন সাৰ্থক হ'ব।
                নৱম, সফলতা (success) । সকলো লাভ কৰাৰ পাছত আমাৰ বাবে অপেক্ষা কৰিব আমাৰ সফলতাই। আমি সফলতাৰ পাছত খোজ দিব নালাগে। সফলতা নিজে আহি আমাৰ লগ লাগিব। মানুহ হিচাপে সফল হোৱাটোৱেই জীৱনৰ অন্তিম আকাংক্ষা। এই সফলতাৰ পাছত দৌৰিয়েই বহুতে বহুত হেৰুৱাই আৰু বহুতে বহু লাভ কৰে। সফলতাই আমাৰ শেষ লক্ষ্য যদিও ইয়াতে আমাৰ জীৱন স্তব্ধ নহয়। জীৱন গতিশীল। গতি কৰি গৈ থাকিব সুদূৰ ভৱিষ্যতৰ দিশে।
                এষাৰ কথা আছে নহয়,"Change is the unchangable law of nature" । পৰিৱৰ্তনৰ বাহিৰে কোনো বস্তুৱেই স্থায়ী নহয়। আমি কুঁহিপাতৰ পৰা বিকশিত হৈ হৈ এদিন গছৰ হালধীয়া পাত হৈ সৰি পৰিম আৰু শুকাই মৰহি যাম। এয়ে জীৱনৰ কঠিন সত্য। এই দুদিনীয়া জীৱনটো সুন্দৰ ৰূপত সজাই তুলিবলৈকে প্ৰত্যেকে চেষ্টা কৰি যায়।যিয়ে সুন্দৰকৈ জীৱনটো গঢ়ি তোলে তেওঁ সফল হয়। কিন্তু সুন্দৰ ৰূপত গঢ়ি তুলিবলৈ চেষ্টা কৰি বিফল হোৱাজনকো আমি বিফল আখ্যা দিব নোৱাৰোঁ।  মাথোঁ তেওঁ এজন পথভ্ৰষ্ট। যিয়ে লক্ষ্যত উপনীত হ'বলৈ যথা সম্ভৱ সকলো কৰি গৈছিল ।কিন্তু এটা ভুল খোজৰ পৰিণতিতে তেওঁৰ লক্ষ্যপ্ৰাপ্তি নহ'ল। সেয়ে আমি সকলোৱে যাতে জীৱনৰ প্ৰত্যেকটো খোজ সঠিক ৰূপত দি যাওঁ তাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিব লাগে। উপৰত উল্লিখিত দিশসমূহে মই ভাবো সকলোকে জীৱনত আগুৱাই যোৱাত অৰিহণা আগবঢ়াব।
                সকলোৰে জীৱন মধুময় হওঁক।বিষাদৰ বিষবৃক্ষ ৰোপন নহওঁক কাৰো জীৱনত।সুখ আনন্দৰে উপচি পৰক। তাৰেই কামনা কৰিলোঁ।

   📝প্ৰজ্ঞাদেৱী ভূঞা

           
            
              
               

 

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment