মই শচীন হবলৈ যোৱাৰ মোৰ অভিজ্ঞতা : খণ্ড-৩

©Admin
0

সেই দিনা আছিল উৎকট গৰম । আবেলি তিনি বজাত প্ৰেক্টিছ । ইফালে ঘৰৰ বাহিৰত ওলালেই বেলিটোৱে খাওঁ খাওঁ কৰে। বাৰু সি যি নহওক , আবেলিলৈ ৰ'দৰ তাপ অলপমান কমিল , ময়ো ষ্টেডিয়ামলৈ পালোগৈ ।তাতো, সেই আগৰ দৰেই প্ৰথমে ৱাৰ্ম আপ , প্ৰেক্টিছ,.........এনেধৰণৰ কাৰ্যসূচীবোৰ। অ' আৰু এটা কথা নহয় আমাক আকৌ গেঞ্জী পিন্ধিবলৈ নিদিয়ে দেই। মই প্ৰথমতে কথাটো নাজানি দুদিন মান পিন্ধি গৈছিলো। পিছত লগৰ এজনে মোক কথাতো জনালে। সি কৈছিলে গেঞ্জী পিন্ধা দেখিলে হেনো তেওঁলোকে (ক'ৰ্চাৰ)ফালি দিয়ে। 

এনেদৰে ,প্ৰেক্টিছ কৰি কৰি অলপ পাৰিছোগৈ।তেনেতে এদিন আৰু এটা ৰোমাঞ্চকৰ ঘটনা ঘটিল, মই তেতিয়া ক'লোয়েই নহয় অলপ পৰিছোঁগৈ বুলি সেই কাৰণে মই নেটত দুজন মান বলাৰ লৈ ডিফেন্স শ্বট প্ৰেক্টিছ কৰি আছিলোঁ।লগত আছিল বেটিঙৰ সহকাৰী ক'ৰ্চাৰজন।আচলতে ,ডিফেন্স শ্বটটো বেটৰ টাইমিং মিলাই ভৰিটো আৰু বেটখন প্ৰায় একে সময়তে বলটো বেটত লাগিবলৈ আগবঢ়াই দিয়ে। মই আকৌ ভুল কৰি আছিলোঁ। আচলতে , মই বাওঁ ভৰিটো আগতে আগ বঢ়াই বলটো প্ৰায় ড্ৰাইভ মাৰি দিছিলোঁ । পিছ ফালে আছিল কোচজন ,হাতত এছ জীৰ (কোম্পানীৰ নাম) বেট এখন । তেওঁ আছিল বাওঁহতীয়া। মোক বাৰে বাৰে ভুল কৰা দেখি বাওঁ হাতত থকা বেটখনেৰে এক কোব দিছিল। উফ.....

এতিয়াও অনুভৱ কৰোঁ সেই কোবটো।.....

আগলৈ.....

✍️জ্ঞানদ্বীপ বৰুৱা
খনিকৰ ,ডিব্ৰুগড়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)