শৰৎ আহি পদূলিমুখত ৰৈ আছে

©Admin
0

অক্লান্ত আকাশত লুকাই আছে
জোন, বেলি, তৰা ।
উলমি আছে কলিয়া ডাৱৰজাক !
অখণ্ড ধৰালৈ অহৰ্নিশে আহিছে নামি
কিণ্-কিণিয়া বৰষুণজাক ।
খাল-বিল, নলা-নৰ্দমা, 
বোকা পানীৰে ভৰি পৰিছে চোতাল ।
কেঁচা মাটিৰ গোন্ধ লৈ
শৰৎ আহি পদূলিমুখত ৰৈ আছে ।
বিলৰ পাৰত কহুৱা-বিৰিণাই
হালি-জালি নাচি আছে ।
ফুটুকীয়া পখিলাবোৰ, 
সেউজীয়া প্ৰকৃতিৰ আঁৰত লুকাই আছে ।
তাকে দেখি সুগন্ধি গোলাপৰ পাহিবোৰে
বেজাৰত এটি এটি কৈ সৰি পৰিছে ।
তথাপি শান্ত হোৱা নাই কলীয়া ডাৱৰজাক ।
উপায় শবিহীন হৈ তৰা বোৰে মেঘৰ আঁৰে আঁৰে
নিৰৱে উচুপি কান্দিছে ।
অদৃশ্যলিপি লৈ শৰতেও এইবাৰ বেজাৰত
চকুলো টুকিছে ।
শেৱালী ফুল বোৰ অকালতে মৰহিব ধৰিছে ।
এইবাৰ সকলোৰে উৎসাহ 
শুকান মৰহা পাতৰ দৰে সৰি পৰিব ধৰিছে ।
সেউজীয়া উদাৰ প্ৰকৃতিবোৰে
সেমেকা বতৰত নিৰৱে স্থিৰ হৈ
অক্লান্ত আকাশৰ লগত কথা পাতিছে ।
কিজানি কলীয়া ডাৱৰ গুচাই আদৰি আনিব,
শৰতৰ বেলাতেই উৎপ্ৰেক্ষা ।

 ✍️বিনিতা বৰা
হোজাই জিলা{লংকা-কাকী-3}
         
         

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)