এক আবেগভৰা অনুভৱ

©Admin
0
হোষ্টেলীয়া প্ৰতিজনী ছোৱালীৰ বাবে এখন ঘৰ মৰমৰ হোষ্টেলখন।দহ ঠাইৰ দহ জনী তাত কোনো তেজৰ সম্পৰ্ক নাই।কিন্তু,এজনীয়ে আনজনীক এৰি জলকীয়া এটাও নাখায়।বা ভন্টীৰ সম্পৰ্কবোৰ ইমানেই গভীৰ যে তাত মৰমৰ অভাৱ নাই।ৰাতিপুৱা good morning শব্দৰে আৰম্ভ হৈ ৰাতি হোৱালৈকে কত যে কিমান কথা,কিমান হাঁহি ফুৰ্তি,তাৰ মাজত কলেজৰ প্ৰতিটো কাম কিমান যে উৎসাহেৰে কৰা হয় তাক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি।প্ৰতিটো দিন কিদৰে পাৰহৈ যায় তাক মনিবই নোৱাৰি।এজনীৰ আনন্দই সকলো ছোৱালীৰ আনন্দ হৈ পৰে।কলেজত বাৰ্ষিক ক্ৰিয়া সপ্তাহকে ধৰি প্ৰতিটো অনুষ্ঠানত হোষ্টেলৰ বিজয়ে আমাৰ মনত কিমান যে আনন্দ দি যায়।সেইবোৰৰ মাজত নিজক গঢ়াৰ অনুশীলন হয়।প্ৰতিজনী ছোৱালীৰ বাবে হোষ্টেলখন বৰ মৰমৰ।একেলগে থকা বা হঁত ক বিদায় দিয়াটো বৰ কষ্টকৰ হৈ পৰে। 

📝প্ৰিয়ংকা গায়ন 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)