পত্রহৰিৎ

©Admin
0
নিবেদিতাই ব্লেকব'ৰ্ড খনত ছবিটো স্পষ্টকৈ আঁকি সালোক-সংশ্লেষণৰ প্ৰক্ৰিয়াটো বুজাবলৈ যত্ন কৰিলে। শ্ৰেণী কোঠাটোৰ এঘাৰ-বাৰ বছৰীয়া ল'ৰা, ছোৱালী কেইটাই একাগ্ৰতাৰে তাইক অনুসৰণ কৰিলে।
     দিনটোৰ শেষ ক্লাছ সেইটো। বজাৰৰ বেগখন স্কুটীত আছে। আজি ঘৰলৈ নিবলগীয়া বস্তুবোৰ...ভাইটিৰ ঔষধ, ভন্টীৰ কলেজৰ ইউনিফৰ্মযোৰ, মাৰ চছমা..তাই এটা এটাকৈ কথাবোৰ মনত পেলাব যত্ন কৰিলে।
   "বাইদেউ পত্রহৰিৎ নহ'লে গছবোৰ জীয়াই নাথাকিব নহয়নে?" অনুসন্ধিৎসু ছাত্রজনৰ কথাটো নিবেদিতাই শলাগিলে।
     তাই নহ'লে ঘৰখন জীয়াই থাকিব জানো?
                                      
✍️অৰুণিমা ভট্টাচাৰ্য্য।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)