দুহাতত অৰ্ঘলৈ ৰৈ আছে মোৰ পদুলিত
ভিক্ষাৰী এজন , মই পদুলিৰ শেৱালি জোপাৰ
তলেৰে যাব খোজোতে দেখিলো তেনেকৈ থকা
ভিক্ষাৰী জনক ।
দুহাতৰ অৰ্ঘত তিনিপাহ গোলাপ লৈ
অপেক্ষিত কাৰবাবে জানোঁ !
চেহেৰা যেন
একেবাৰে মজনুৰ দৰেই । সি প্ৰেমত হাবুডুবু
খাইছে ধৰিব পাৰি তাৰ চকু দুটা চাই।
যেন বহু
ৰাতি উজাগৰে পাৰ কৰিছে প্ৰেমৰ বিষাদত ।
লাহে লাহে সি মোক আগচি মোকে প্ৰেমৰ অৰ্ঘ
যাঁচিলে। মই মোৰ হাত এখনেৰে মোৰ বুকুত
হাত থৈ দেখো মোৰ কলিজাটো যে নাই ।নাই
কোনো ধপ্ ধপনি বুকুত,আনকি ওঁঠ দুটাও
দেখো কঁপা নাই কিবা এষাৰ কোৱাৰ আশাত,
দেখো এতিয়া প্ৰেম-ভাল পোৱাৰ অৰ্থ বিচাৰি
নোপোৱা এজনী চলন্ত মানৱী। প্ৰেম ভিক্ষাৰীয়ে
ওঁঠ দুটি বিৰবিৰাই মোকে চাই আছে আশাৰে
মোৰে কাষত কঁপা - কঁপা দুইখন হাত মেলি ।
মই কিয় জানোঁ একোকে নভবাকৈ
লৰালৰিকৈ মোৰ দুবাহুৰে তাৰ বুকুত বুকু থলো
আৰু অনুভৱ কৰিলোঁ তাৰ হৃদয়ৰ ধপ্ ধপনিত
মোৰো হৃদয়ে কয় নে কিবা এটা .........
আৰু মই ক'লো --বন্ধু , মোক বেয়া নাপাবা
মোৰ অনুভূতি যে হেৰাই থাকিল ।
প্ৰেম ভিক্ষাৰীয়ে হেঁপাহেৰে মোকে চালে
-- তাৰ ঘূঁমুতি হেৰোৱা দুচকুৰে , সি মোক তাৰ
কঁম্পিত হাতেৰে মোৰ মুখখন দাঙি চকুত চকু
থৈ ক'লে- -হৃদয় তেনেকুৱায়ে নিজকে ঠগায়,
চকুৰে দেখিলেহে সঁচাটো বুজে ।
মোক তোমাৰ দুবাহুত ল'লা এয়া যে
মানৱতা,এয়াযে মোৰ প্ৰাপ্য, এয়াও এক প্ৰেমে দিলা।
ময়ো ক'লো- ময়ো সুখী হ'লো তোমাক সুখী কৰিব পাই ।
✒️হীৰামনি শৰ্মা উপমন্যু
গুৱাহাটী,বেলতলা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ