সংগোপনে বিষটো
উজাই আহি আছে,
তিলতিলকৈ যন্ত্ৰণাৰ
ফেঁটী সাপ ডালে মেৰিয়াই ধৰিছে
মগজুৰ বিক্ৰিয়াক ৷
মই মোক জনাৰ পৰা
কিছু আঁতৰত
উদাসীন হৈ সহাৱস্থান কৰিছোঁ
সময়ৰ লগত ,
গেলিব ধৰা মনটোক
ঢাকি দিছোঁ
আত্মবিশ্বাসৰ প্ৰলেপেৰে ৷
এইদৰেই এদিন
অমাৱস্যা আঁতৰিব,
দিনবোৰ আমাৰ হ’ব
জীৱন হ’ব আমি সৰ্বস্ব...
🖊️প্ৰণৱ চক্ৰৱৰ্তী
নলবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ