মানৱ জীৱন

©Admin
0
এই মানৱ জীৱন যে
কিমান দুখ ভৰা,
দুখ আছে বুলিয়ে চাগে
সুখ আছে।
সুখৰ সন্ধান কৰি কৰি 
আমি হাঁহি মুখে
দুখ বোৰ পাৰ কৰোঁ।
সুখৰ আশাত থাকোঁতেই
আমাৰ জীৱনৰ পৰা
দুখ বোৰ পাৰ হৈ যায়।
সুখ দুখৰেই পৰিপূৰ্ণ
এই  মানৱ জীৱন,
দুখ আছে বুলিয়ে চাগে
জীৱনৰ প্ৰতি মায়া মোহ আছে,
ঈশ্বৰৰ প্ৰতি আছে আস্তা।
যদি আমি চিৰদিন সুখত থাকিলো হয়
তেন্তে  বাৰু ঈশ্বৰৰ উপাসনা কৰিলোঁ হয়নে...?
মানৱ এনে এক প্ৰাণী
যি সুখত থাকোঁতে ঈশ্বৰতো দুৰৰ কথা ...
নিজৰ বাহিৰে কাকোকেই
চিনি নাপায়।
সেয়ে চাগে ঈশ্বৰৰ উপাসনাত
মগ্ন আৰু অন্য মানুহবোৰক  মনত ৰখাৰ বাবে চাগে দুখ মানৱ জীৱনৰ
পৰিপূৰ্ণ অংগ।
                 
🖊️মমতা মন্ডল।
      হোজাই

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)