মনত পৰেনে অৰুন্ধতী
মিঠা মিঠা লগা অতীতৰ মধুৰ স্মৃতি
শৰতৰ স্নিগ্ধ জোনাকত বহি
গাইছিলোঁ দুয়ো হৃদয়ৰ গান
য'ত নাছিল মনৰ কলুষতা
আছিল মাথোঁ মৰমৰ ঐক্যতান।
সুদূৰৰ পৰা ভাঁহি অহা বাঁহীৰ সুৰত
হৈ পৰিছিলা তুমি আপোন পাহৰা
তোমাৰ লাস্যময়ী দুচকুত দেখিছিলোঁ
পৃথিৱীৰ সমস্ত সৌন্দৰ্য
যেন পৰীহে আহিছে সৰগৰ পৰা
তাকে চাই চাই
মই যে হৈ পৰিছিলোঁ উন্মনা।
কেতিয়াবা মনে অৱশ্যে নিবিচৰা নহয়
সৌন্দৰ্য্যৰ পূজাৰী হোৱাৰ
কিন্তু অপ্ৰকাশ্য হৈয়েই ৰৈ গ'ল মনৰ মাজত
প্ৰকাশ কৰাৰ নহ'ল সাহস,
ভয়ৰ কাৰণে বুলি নাভাবিবা আকৌ
ক'লে জানোছা তুমি আঘাট পোৱা
তাকে লৈহে পৰিছিলোঁ বিপাঙত।
কৰ্তব্যৰ খাটিৰত গুছি আহিলোঁ দূৰণিলৈ
মনৰ আশা মনতে লৈ
ভাবিছিলোঁ প্ৰকাশ কৰিম
পুণৰ উভতি গৈ
কিন্তু কালৰ কুটিল গতিত পৰি
তুমিও গুছি গ'লা দীঘলকৈ উৰণি লৈ,
আৰু মোৰ কল্পনাবোৰ মনতেই মৰহিল
আধালিখা দস্তাবেজ হৈ
অনুতপ্ত এতিয়া মই, স্বীকাৰো কৰিছোঁ
সময় কাৰোৰে বাবে নাথাকে ৰৈ।
📝ব্ৰহ্মদেৱ গোস্বামী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ