সেমেকা দিনৰ সুযোগ

©Admin
0
চিপ্ চিপিয়া এজাক বৰষুণ
বাৰে বৰণীয়া প্ৰকৃতিৰ সেমেকা মন ।
পাহাৰ ভৈয়াম ঘূৰি
সেমেকা দিনৰ সুযোগ লৈ,
কেঁচা মাটিৰ গোন্ধত
কেঁচা আলিৰ বাটেৰে,
এখোজ দুখোজকৈ,
সংগোপনে ক'ৰণা বাই জনী
আহিল আমাৰ গাৱলৈ ।
নিৰাশা বেদনা বুকুত লৈ
আছো, বন্ধ কোঠাত আৱদ্ধ হৈ ।
চোতালৰ সেমেকা দুবৰি গচকি
বন্ধ কৰিছো পদূলিৰ নঙলা ।
স্তব্ধ হৈ পৰিছে জনসমাৱেশ
বাটৰ বাটৰুৱা পথিক ।
বাটৰ নঙলা মুখত আঁচল পাতি ৰৈ আছে 
ক'ৰণা বাই জনী ৷
মেঘৰ আঁৰত লুকাই আছে ৰবি ।
এচেৰেঙা ৰ'দ বিচাৰি 
কাকূতি কৰিছো আমি ,
ৰবিৰ উত্তাপ পাই ক'ৰণা বাই জনী
নিৰাপদে যায়েই কিজানি আমাক এৰি ।
                     
 🖋️বিনিতা বৰা
  হোজাই জিলা[লংকা-কাকী-৩]
             

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)