আহিনৰ প্ৰথম বৰষুণ জাক

আহিনৰ প্ৰথম বৰষুণ জাকত ,
তিতা দিনাৰ পৰাই মোৰ বুকুত ,
পাখি মেলিছে এগালমান ভালপোৱাই ৷
তুমি হয়তো অনুভৱ কৰিছা ,
বৰষুণৰ টোপাল বিলাকে 
মোৰ চাদৰৰ আঁচল তিয়াই পেলাইছিল ৷
আৰু মই টানি টানি মোৰ আঁচলখন ,
আকৌ জোৰকৈ মেৰিয়াই লৈছিলো ৷

✒️দেৱশ্ৰী ওজা বৰা
বিশ্বনাথ,(গহপুৰ)

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send