এজাক বৰষুণৰ অপেক্ষাত দ্বিতীয় অধ্যায় (খণ্ড-১৭)

©Admin
0
চাৰি ঘৰ মান মানুহৰ ঘৰত বিহু মাৰি এতিয়া যাবলৈ লৈছো।
____________ ঐ মই যাওঁ গৈ। তহঁতি থাক।
বুলবুলিক ক'লো।
বুলবুলি________ ইমান সোনকালে যাৱ নে? অলপ দেৰি থাক।
__________ নহয়।খোজ কাঢ়ি যোৱা কথা যাওঁতে সময় লাগিব ৰাতিও হৈ আহিছে নহয়।তাতে  নয়নৰ কাৰণে অলপ ভয়ো হৈছে। দেউতাই গম পালে দিব মোক। যাওঁ দে।
বুলবুলি_______ ওম সেইটো হয় বাৰু।ৰ' অলপ মই আগবঢ়াই দিছোঁ।
বুলিবুলিয়ে লগত আৰু এজনী ছোৱালী লৈ মোক অলপ দূৰ আগবঢ়াই দিব লৈছে। আমি বিহু তলিৰ পৰা আহিব লৈছো।
" ঐ তই যাৱগৈ নেকি"
নয়ন উধাটো খাই আহিছে।
_______ ওম যাওঁ।
কথা বোৰ আগত কৈ এইবাৰ অলপ গহীন কৈ কৈছোঁ।
নয়ন________ অলপ ৰ' আকৌ।ইমান সোনকালে তই গুচি গলে ভাল নালাগিব নহয়। আৰু তোক মই নচুৱাম বুলি কোৱা নাছিলো জানো?

মই তাৰ মুখলৈ চালো।তাৰ মানে নয়নে মোক সঁচাকৈ নচুৱাম বুলি কৈছিল। নাই নাই সোনকালে ঘৰলৈ যোৱা হে কথা।ইয়াত থাকিলে নয়নে মোক ভালকৈ নচুৱাব নহলে।
নয়ন_______ কি হল। অকৰা লাগিলি যে।
________ অহ. নাই মই যাওঁ। বুলবুলি ব'ল।
নয়ন_______ অকলে যাব পাৰিবি জানো।মই থৈ আহোগৈ ৰ'বি।ইহঁতি যাব নালাগে।
সি থৈ আহিম বুলি ক'লত আৰু সন্দেহ লাগিল।
__________ মই যাব পাৰিম।কি একেটা কথাতে লাগি আছ তই?
খং উঠি আহিল মোৰ। সি মনে মনে থাকিল। বুলবুলিক হাত খনত ধৰি টানি আনিলো।

       আধা বাট পোৱাহি পাছত সিহঁত দুই জনীক মই যাবলৈ ক'লো। ঘৰ পাবলৈ আৰু বেছি দূৰ নাই। সেইখিনি বাট অকলে অকলে আহি আছো। গোটেই আন্ধাৰ।ভালকৈ একো মনিব পৰা নাই। তেনেকুৱাতে পাছফালৰ পৰা কোনোবা আহি থকা ভৰিৰ শব্দ শুনিলো। ৰাস্তাই দি যোৱা মানুহ বুলি ভাবি যিমানেই মনটো ডাঠ কৰিছো সিমানেই ভয় এটাই লগ নেৰা হৈছে। পাছলৈ ঘূৰি নাচাই খোজটো খৰকৈ দিব লৈছো।
" ঐ অলপ ৰ' চোন"
পাছত আহি থকা কোনোবাই মোক মতা যেন শুনিলো। মাতটোও অলপ চিনাকি যেন লাগিছে। মই নুশুনা ভাওঁ ধৰি গৈ আছো। ঘৰ পাবলৈ হৈছে আৰু। লাইটৰ পোহৰ বোৰ চকুত পৰিছেহি। তেনেকুৱাতে পাছফালৰ পৰা দৌৰ মাৰি কোনোবাই মুখৰ আগতে মোক আগভেঁটি ধৰিলে। ভয়ত কঁপিবলৈ ধৰিছো। মানুহ টোৰ মুখ খনলৈ চালো দেখিছোঁ নয়ন। অথনিৰ পৰা মোৰ পাছে পাছে সিয়ে আহি আছিল মানে।
________ কি হল? এইবোৰ কিহৰ অভদ্ৰামী কৰিছ? মুখৰ আগত যে এনেকৈ ওলাই দিছহি।
নয়ন_______ ইমান দেৰি পৰা তোক চিঞৰি আছো। মাতিব পৰা নাছিলি?
__________ কি হল ক' আৰু মোৰ পাছে পাছে এনেকৈ কিয় আহি আছিলি?
নয়ন________ তোক কথা এটা কম বুলিয়ে মই ইমান দূৰ এনেকৈ আহি আছিলো।
_________ কি কথা?
নয়ন________ তোক মই ভাল পাওঁ জীয়া।তোক আজি দেখিয়েই মোৰ তোক ভাল লাগি গৈছে। তোক বহুত সুখত ৰাখিম। ক' তই মোক ভাল পাৱ নে?
_________ তই পাগল আছ নেকি? মই তোক ভাল নাপাওঁ মই বেলেগ কাৰোবাক ভাল পাওঁ। তই আঁতৰি যা ইয়াৰ পৰা।তোক মই মোৰ সৰু কালৰ লগৰ ভাবি দুই এটা কথা পাতিলো বুলিয়ে তই মোক চিধাই ভালপোৱা প্ৰস্তাৱ দিবলৈ আহিছ?
নয়ন_______ তোক বহুত ভাল পাওঁ মই। কিয় ভাল নাপাৱ তই মোক?

কথাটো কৈ কৈ মোৰ হাত খন সি থাপ মাৰি ধৰি ল'লে।
_________ হাত এৰি দিবি নে মই দেউতাক মাতিম এতিয়া?
যিমান পাৰোঁ তাৰ হাতৰ পৰা মোৰ হাত খন সোনকালে সৰকাব বিছাৰিছো।
নয়ন_______ তই যাক মাত" মাত।মই তোক এৰি নিদিও। ক' মোক ভাল পাওঁ বুলি।
_________ চা নয়ন মই তোক ভালেৰে কৈছোঁ হাত এৰি দে মোৰ। জোৰ কৰি তই মোক ভাল পোৱাবলৈ বিচাৰিছ' নেকি? কৈছোঁ নহয় মই বেলেগ কাৰোবাক ভাল পাওঁ বুলি আৰু সিও মোক বহুত ভাল পাই।
নয়ন_______ ওহো! তোক মোৰ বাহিৰে কোনেও ভাল পাব নোৱাৰে। তোক আজিয়েই মই মোৰ ঘৰলৈ লৈ যাওঁ ব'ল।
________ মদ, ভাং খাই কি আবোল-টাবোল বকিব লৈছ তই।

সেইটো সময়তে কোনোবাই তৰ্চ মাৰি  আহি থকা দেখি সি পতককৈ হাত খন এৰি দিলত মই দৌৰ মাৰি গুছি আহিলো।

নয়ন_______ তোক মোৰ বাদে আন কোনেও ভাল পাব নোৱাৰে। তই মোৰ হবই লাগিব মনত ৰাখিবি জীয়া।তোক মোৰ কৰি হে এৰিম।

পাছৰ পৰা সি চিঞৰিলে। তাৰ কথা বোৰত মোৰ কিবা কিবি লাগিছে। সি কি কৰে ঠিক নাই। তাকে ভাবি ভাবি আহি আছো।অলপ আগলৈ গৈ দেখিলোঁ তৰ্ছ মাৰি অহা মানুহ জন আন কোনো নহয় মোৰ দেউতা। দেউতাক দেখি অলপ সাহস  পালো।
___________ দেউতা তুমি হে মই আকৌ বেলেগ কোনোবা বুলি ভাবিছিলো।
দেউতা_________ ওম.... তই গোটেই ৰাতি বিহু নামাৰ  বুলি মই জানো।সেইকাৰণে অলপ আগবাঢ়ি আহিছিলো তোক নিবলৈ।
_________ মোক সিহঁতে ৰখাইছিলেই।মই হে গুছি আহিলো।
দেউতা________ পাছত সেইটো কোনে চিঞৰিছিল অ?
_________ জানো কোনোবা বেলেগ মানুহ।কাক মাতিছিল গম নাপাও‌ঁ।
দেউতা______ ওম ব'ল এতিয়া'।
_______ ওম।
Thank God দেউতাই মানে নয়নে মোক চিঞৰিছিল বুলি গম নাপালে।নহলে তাকো দিলে হেঁতেন মোকো দিলে হেঁতেন আজি।

আগলৈ......

✒️পূৰ্ণিমা হালৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)