মনৰ অনুভৱ


মই তোমাৰ আজন্ম প্ৰেমিকা 

এজাক মুষলধাৰ ভদীয়া বৰষুণে 
বোকোচাত তুলি আনিছে তোমাক 
শুৱনি পৃথিৱীৰ শ্যামলী বুকুলৈ, 
তাপিত প্ৰাণত শীতল পৰশ বুলাই দিবলৈ ।

বৰষুণে পখালি থোৱা মোৰ সুনিৰ্মল পদূলিত 
সন্তৰ্পনে নামিবাহি তুমি ।
তোমাক আদৰিবলৈ ৰৈ আছোঁ মই 
ধূপ দীপ নৈবেদ্যৰে শৰাই সজাই ।

তোমাৰ সুকোমল পৰশত
সেউজীয়া বোৰে প্ৰাণ পাই উঠিব,
আমোলমোল সুবাস সনা এচাটি মলয়াই 
মোক বাউলী কৰিব ।

শাৰদী জোনাকে পোহৰাই  তুলিব মোৰ চোতাল,
দুবৰিৰ দলিচাত তুমি সিঁচি দিবা
নিয়ৰৰ অলেখ তিৰবিৰ মুকুতা ।

এটি দুটিকৈ হাজাৰ মুকুতা মণি কোচ ভৰাই লৈ   
বৰষুণৰ সুতাৰে সি থ'ম এধাৰি মালা ।
তোমাৰ ডিঙিত আলফুলে পিন্ধাই দিম সেই বৰমাল্য ,
হে শৰত,  তুমি যে মোৰ চিৰ আকাঙ্খিত ।

ল'বা মোক আলফুলে সাবটি বুকুৰ মাজত ,
দিবা  মোক তোমাৰ প্ৰেম আলিঙ্গন ।
তুমি যে শৰৎ কোঁৱৰ সৰগৰ ,
মই মৰতৰ অপ্সৰা
সুকোমল শেৱালি মই শুভ্ৰ বসনা ,
মই তোমাৰেই আজন্ম প্ৰেমিকা  । 

✒️মনচুমী কলিতা নাথ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send