লিমাৰিক

                 (০১)
আহিব পূজাতে মৰমৰ পৰিক্ষীত
সেউতীৰ মন সেয়ে হৈছে উল্লাসিত
বহু দিনৰ মুৰত
ডুবিব হেনো প্ৰেমত
ক'ৰোনাই ছমাহ কৰি দিলে অতীত।
-------------------00-------------------
                (০২)
পৰিক্ষীতে কৰে বহু দূৰৈত চাকৰি
বছেৰেকত পাই আহিবলৈ আহৰি
ছুটীত আহে চ'তত
ঘূৰে আকৌ বহাগত
সেইমাহত তাই দুখ থাকে পাহৰি।
-------------------00-------------------

✒️ব্ৰহ্মদেৱ গোস্বামী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send