হেৰৌ জাগিবৰ হ'ল


স্থায়ী জাগিবৰ হল হেৰৌ জাগিবৰ হ'ল ।
তোৰ দৰে মোৰ দৰে অসমীয়াৰ জাগিবৰ হল।।
খেদিবৰ হল হেৰৌ খেদিবৰ  হল।
অবৈধ বিদেশীক খেদিবৰ হল।।

অন্তৰা:
নিদিওঁ অসমী আইক লবলৈ বিদেশীৰ বোজা।
মোগলৰ  সৈতে আমি বহুবাৰ যুঁজা।

স্থায়ী:
জাগিবৰ হল হেৰৌ জাগিবৰ হল ।
তোৰ দৰে মোৰ দৰে অসমীয়াৰ জাগিবৰ হল।
খেদিবৰ হল হেৰৌ খেদিবৰ  হল।
অবৈধ বিদেশীক খেদিবৰ হল।

অন্তৰা :
তই স্বজাতিৰ বিপদত নাথাকিবি শুই।
নহলে চোতালতে ৰুবহি বিদেশীয়ে ভূঁই।
সেয়ে আগুৱাই যাওঁ বৈ।
হাতত হেংদাং লৈ।

নহলে ইতিহাসে হাঁহিব।
বিদেশী য়ে গঢ়িব নিজৰ ভেটি।
অসমৰ মাটিত কৰিব ধানৰ খেতি।।


📝জ্ঞানদ্বীপ বৰুৱা
খনিকৰ, ডিব্ৰুগড়

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send