শিক্ষাগুৰু

©Admin
1

গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱো মহেশ্বৰ

গুৰু সাক্ষাত পৰম ব্ৰহ্ম
তস্মৈ শ্ৰী গুৰুৱে নম:

শিক্ষাই জ্ঞান,জ্ঞানেই শক্তি । শিক্ষাই জীৱন যুদ্ধত জয়ী হ'বলৈ শক্তি দিয়ে । ঘাত-প্ৰতিঘাত,সংঘাত নেওচি আগুৱাবলৈ মনোবল দিয়ে । সেই শিক্ষায়ে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ সাহস দিয়ে মানুহ হৈ জীয়াই থকাৰ । মানৱ জীৱনৰ প্ৰথম গুৰু হৈছে পিতৃ-মাতৃ, যাৰ বাবে এই ৰঙীণ ধৰা দেখাৰ সৌভাগ্য হয় । তাৰপাছতেই গুৰু হৈছে আনুষ্ঠানিক শিক্ষাগুৰু, যিয়ে বহল দুনীয়াত খোজ দিয়াৰ প্ৰেৰণা যোগায়।
গুৰু অবিহনে সংসাৰ নিষ্ক্ৰিয় । মানৱ জাতিৰ বিকাশ তাহানিৰ পৰা এতিয়ালৈ গুৰু আৰু শিষ্য পদ্ধতিৰে আগবাঢ়ি গৈছে ।
নেদেখাটো দেখাৰ নোপোৱাটো পোৱাৰ আগ্ৰহপ্ৰৱণ কৰে শিক্ষাই ।   ইতিহাসৰ পাত মেলিলেই গুৰু শিষ্যৰ মধুৰ সম্পৰ্কৰ এটি উদাহৰণ চাণক‍্য-চন্দ্ৰগুপ্ত, শঙ্কৰ-মাধৱ। সেই তাহানিৰ শিক্ষা ব্যৱস্থা, গুৰু-শিষ‍্যৰ মণিকাঞ্চন সংযোগ আজিৰ সমাজত লাহে লাহে লুপ্ত হ'ব ধৰিছে । বিজ্ঞানৰ ন ন আৱিষ্কাৰে গোটেই বিশ্বব্ৰহ্মাণ্ডক ক্ষুদ্ৰ কৰি তুলিলে । বিজ্ঞান ,প্ৰযুক্তিৰ দ্ৰুত বিকাশে আগৰ ব্যৱস্থাৱলীত পৰিবৰ্তন কৰিলে ।পুৰণি শিক্ষা ব্যৱস্থা ,গুৰু-শিষ্য ,পৰিৱেশ, অভিভাৱক যি মধুৰ সম্পৰ্ক দিনক দিনে লুপ্ত হৈ আহিলে । গুৰুৰ প্ৰতি থকা শিষ‍্যৰ ভক্তি , গুৰুক দেখিলে কৰা সন্মান ,শ্ৰদ্ধা আজি যে তাৰ কোনো সময় নাই । আনহাতে শিক্ষা গুৰুৰ অপকৰ্ম কিছুমানৰ বাবে সেই সন্মান লাঘৱ হৈছে ।পুৰণি কালত গুৰুৰ ঘৰত শিষ্য নিৰাপদে আছিল কিন্তু বৰ্তমান সময়ত সেই গুৰুয়ে সুবিধা লৈ অপকৰ্মত সংযোগ হয় । যুগৰ পৰিবৰ্তনৰ লগে লগে শিক্ষাৰ নতুন প্ৰণালীৰ উদ্ভাৱন হ'ল, যাৰ ফলত বিভিন্ন মাধ্যমৰ জৰিয়তে শিক্ষা লাভৰ সুবিধা হ'ল ‌। গুৰু অবিহনেও সামাজিক মাধ্যমৰ ন সৃষ্টিৰ ফলত নতুন কথা শিকাৰ সুযোগ হ'ল । যিয়ে হওক বিদ্যালয় শিক্ষা ,গুৰুশিক্ষাৰ অবিহনে কাৰিকৰী শিক্ষা উন্নত নহয় ।জ্ঞানৰ বাবে মানুহক শ্ৰেষ্ঠত্ব আখ্যা দিয়া হয়। শিক্ষক সকলেই এই জ্ঞানৰ বাহক ।

📝দৃষ্টিৰূপা বৰদলৈ
    বোকাখাত

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment