ধনী বা নিধনী যদি হয় অপুত্ৰক

©Admin
0

আজিৰ তাৰিখতো আমাৰ সমাজৰ পৰিয়াল সমূহত সন্তানৰ মাজৰ বৈষম্য আতৰা নাই | এতিয়াও ঘৰ বিলাকত ল'ৰাত কৈ ছোৱালীৰ প্রাধান্য কম দেখা যায় | কিবা কথাত কয় সি ল'ৰা মানুহ একো নহয় দে | তই ছোৱালী এইটো নকৰিবি কৰিব নাপায় | ইত্যাদি ইত্যাদি তেতিয়াৰ সমাজত মানুহৰ মাজত এটা ধাৰণা আছিল যে দম্পতী হালৰ এটা হলেও ল'ৰা সন্তান হ'বই লাগিব | সেই সময়ত ঘৰত সন্তানৰ সংখ্যা বেছি বেছি আছিল | সেই সন্তান সমূহৰ ভিতৰত ল'ৰা সন্তান থাকিবই লাগিব |
মাক দেউতাকৰ বৃদ্ধ অৱস্থাত চোৱা চিন্তা কৰা , লালন পালন কৰা , চোৱা চিতা কৰা, যত্ন লোৱা আদি কাম ল'ৰাহে কৰিব সেয়েহে তেওঁলোকৰ ল'ৰা সন্তান থাকিব লাগিব | ঘৰত খোৱা বোৱাৰ ক্ষেত্ৰতটো ল'ৰাৰ প্রাধান্য বেছি | ছোৱালীৰ কোনো গুৰুত্বই নাই | এনে নিয়মেৰে চলিছিল | সেয়েহে সেই সময়ৰ কবিয়েও লিখিছিল
   ধনী বা নিধনী যদি
    হয় অপুত্ৰক
   তেওঁলোকে দেখে
    দুখময় সংসাৰক |
অৱশ্যে তেতিয়া হয়তো মানুহৰ মন সমাজ ব্যৱস্থাত আজিৰ দৰে নাছিল | সেয়েহে সকলো কিজানি ভালে ভালে চলি
 আছিল | আজিৰ দৰে ইমান উন্নত সামাজিক ব্যৱস্থাও নাছিল | সেয়েহে হয়তো আজিৰ দৰে নিয়ম সমূহ তেতিয়া নাছিল | মানুহ মন ইমান সংকীৰ্ণ নাছিল  , উদাৰ আছিল | তেতিয়া হয়তো আজিৰ দৰে একক পৰিয়ালৰ ব্যৱস্থা হোৱা নাছিল | যৌথ পৰিয়াল আছিল , সকলোৰে মাজত মিলাপ্রীতি আছিল সদভাৱ আছিল | সেয়েহে সকলো কাম পুত্ৰ সকলে কৰিছিল , নাৰীৰ সিমান স্বাধীনতা নাছিল | তেওঁলোকক ঘৰৰ ভিতৰতে হয়তো চাৰি বেৰৰ মাজতে আৱদ্ধ কৰি ৰখা হৈছিল | বিদ্যা শিক্ষাৰো আজিৰ দৰে সুবিধা দিয়া হোৱা নাছিল | ঘৰৰ কাম কৰা , সন্তান জন্ম দি লালন পালন কৰাই তেওঁলোকৰ কাম আছিল | সেয়েহে পৰিয়ালত ল'ৰাৰ প্রাধান্য আছিল  অলপ বেলেগ | ইমান অগ্ৰাধিকাৰ পোৱা বাবেই তেওঁলোকে ভাবিছিল বৃদ্ধাৱস্থাত অৱলম্বনৰ বাবে ল'ৰা সন্তানৰ আশা কৰিছিল | তেওঁলোকৰ ধাৰণা তেওঁলোক ধনীয়েই হওক বা দুখীয়াই হওক তেওঁলোকৰ পুত্ৰ সন্তান নাথাকিলে এখন দুখময় সংসাৰক আকোৱালী ল'ব লগা হয় |
   কিন্তু আমি যদি আজিৰ দিনটোত থিয় হৈ আজিৰ প্রেক্ষাপটত কথাখিনি চাও যদিও আজিও সমাজত পৰিয়ালৰ মাজত ল'ৰা সন্তানৰ প্রাধান্য আছে | কিন্তু তেতিয়াৰ তুলনাত আজিৰ ছবিখন ওলোটা হৈছে | পুত্ৰ বোৱাৰী থকাৰ পিছতো বৃদ্ধ মাক বাপেক বৃদ্ধাশ্রমত থাকিব লগা হৈছে | বিভিন্ন চচিয়েল মিডিয়াত বাতৰি প্রচাৰ হবলৈ লৈছে বৃদ্ধ মাক বাপেকক অত্যাচাৰ কৰিছে পুত্ৰই , গাড়ীত তুলি নি নিৰ্জন ঠাইত অকলে এৰি থৈ আহিছে পুত্ৰই কৰবাত কোনোৱে মাক দেউতাকৰ ওপৰত হাত তুলিছে | গতিকে আজি এনে সময়ত আতৰৰ পৰা ছোৱালী জনীয়েহে মাক দেউতাকৰ খবৰ লোৱা , চোৱাচিতা কৰা , আদি দেখা গৈছে | এতিয়া ভাব হয় মাক দেউতাকে নিজৰ সন্তানৰ মাজত ভেদ ভাৱ ৰাখি কৰা কাম কাজ বাৰু যুক্তি সংগত হয়নে ?
ল'ৰা ছোৱালী সকলো সমান |

   
 📝হেমেন হাজৰিকা  


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)