প্লাৱন

0
নি:শব্দে তুমি বাৰিষাৰ এটি দুৰ্যোগ হৈ
কঢ়িওৱা অশ্ৰু, আশাৰ চাকিত
হেঁপাহবোৰ ধুবলৈকে কি জানো আহা
দেউতাৰ গাঠিৰ ধন খহিছিল চপৰা চপৰে
নৈ খনৰ বুকুতেই সপোন ভাঙে
আন কেতিয়াবা গঢ়ে
লৈ গৈছিল বহু দূৰ বাট নৈখনেই
দেউতাই পাৰিছিল এদিন আশাৰ কঠীয়া
নঙলা মুখত ৰৈ বাটচাওঁ কত আবেলি
দেউতাৰ আগমনলৈ
ভাগৰুৱা দেউতাৰ মুখত বিৰিঙি উঠে
আশাৰ পল্লব ,জাগে অজস্ৰ সপোন
দেউতাৰ দুখৰ ধন মাৰ সুখৰ সপোন
সকলো কাঢ়িছিল এদিন প্লাবনে
অজান আশঙ্কাই নিতৌ ছানি আছে এতিয়াও
চপৰা চপৰে খহে হৃদয়ৰ একোণ
সেইদিন ধৰি আজিও একেই আছে নাই পৰিৱৰ্তন
পিতৃ মাতৃ আমাৰ মাজত নাই ৰৈ আছে মাথোন
বুজাব নোৱাৰা সীমাহীন স্মৃতি
নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি নিলে কেতিয়াবাই
ভুগি আছোঁ যাতনা ঠিক তেওঁলোকৰ দৰেই।

 ✒️ কানন বৰুৱা
 
 ডিব্ৰুগড় (চিৰিংচাপৰি)

 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)