জীৱনতো য'ত উচ্ছৰ্গা কৰিছিলো, তাৰ আজি যেন একো মূল্যই নোহোৱা হ'ল । মােৰ প্ৰশ্নৰ উত্তৰ দিবলৈ ৰিহণে গুৰুত্ব দিয়া নাই বা দিব লাগে বুলিও ভৱা নাই - তাৰ মানে তেওঁ (ৰিহণৰ)মনৰ পৰা মােক একপ্ৰকাৰ এৰিয়েই দিয়াৰ দৰেই হৈছে
যদিও মুখেৰে কোৱা নাই । মানুহৰ অভিব্যক্তিত ফুটি উঠা আচাৰবােৰে - নীৰৱে কথা কয়, তাতেই বুজিৱ পাৰি !!
ৰুণৰ এতিয়া আৰু একো আশা নাই । আশাৰো এটা সীমা আছে । ৰুণ, আশাৰ সীমাৰ পৰা ওলাই আহিল । মান, অভিমান, দুখ , শোক, আশাবােৰ - শক্তিলৈ ৰূপান্তৰ কৰি নীৰলে - নীৰৱে টিউচন চেণ্টাৰৰ কামবােৰ আৰু উন্নীত কৰিবলৈ দিল্লীলৈ গৈ কি দৰে আৰু কেনেকৈ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ মানৰ কৰ্চলৈ নিব পাৰি সেইবােৰ শিকি ল'লে । প্ৰতিটাে বিষয়ৰ বাবে বিশেষ জ্ঞানসম্পন্ন অধ্যাপক বা শিক্ষিত স্নাতকোত্তৰধাৰী শিক্ষকক লৈ কৰ্চ বিলাকৰ বাবে আলোচনা কৰি চেণ্টাৰতো উন্নীত কৰিলে । চহৰ খনৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ চেণ্টাৰ হিচাবে গঢ়ি উঠিছিল ।
মন শূণ্য !!
আশা আকাশলংঘী । কামৰ একাগ্ৰতাকে জীৱনৰ সংগী কৰি - আগুৱাই যাবলৈ
দৃঢ়প্ৰতিজ্ঞ হ'ল । নিজকে কামত মগ্ন হৈ থাকিবলৈ নিজেই ঠিক কৰি ল'লে ।
নেলচন মেণ্ডেলাই কৈছিল,-
"Education is the most powerful weapon, which you can use to change the World "
বুলি কোৱাৰ দৰেই ৰুণৰ গুণগত শিক্ষাৰ মানদণ্ডই এই কামখিনি ভালদৰে কৰাত সহায়ক হৈছিল ।
কামত ধৰাৰ পিছত তাই আৰু পিছলৈ চাব লগীয়া হোৱা নাছিল । কামৰ মাজত মানুহজনী সোমাই গ'ল আৰু এৰি দিয়াৰ কথা নাভাৱে । ইমান দিনে গৃহিণী হিচাবে আছিল যদিও এতিয়া শিক্ষা বিষয়ৰ বহু কথাই বুজি ল'বলৈ বেছি পৰ নালাগিল ।
প্ৰয়োগবাদী দাৰ্শনিক সকলৰ কোৱা মতৰ দৰেই ৰুণজুনে - শিক্ষক জ্ঞানৰ অসীম ভাণ্ডাৰ, তীক্ষ্ণ বুদ্ধিসম্পন্ন, সামৰ্থৱান আৰু ব্যৱহাৰিক হ'ব লাগে বুলি তাই বুজি উঠিছিল । সেয়ে টিউতৰ সকলক বাচোতে অলপ গুৰুত্ব দিছিল ।
সেয়ে প্ৰায়ে ৰুণে দিল্লীলৈ গৈ প্ৰয়োজনীয় টিউটৰিয়েল গাইডবুক বোৰ গোটোৱাত লাগিছিল । তাইৰ চেন্টাৰত টিউচন লওঁতে প্ৰথমে টেষ্ট লৈহে এডমিচন দিছিল । নহ'লে চেন্টাৰৰ বদনাম হয় । সেইদৰে প্ৰথম বছৰতে দশম মানৰ ছাত্ৰ সকলৰ আৰু দ্বাদশ শ্ৰেণীৰ প্ৰতিজন ছাত্ৰই ভাল ৰিজাল্ট কৰিছিল । সেইখনে জিলাখনৰ ভাল চেন্টাৰ বিলাকৰ দৰেই ভাল ফল দেখুৱাবলৈ ধৰিলে । ৰুণে কাৰো পৰা হাত পাতিব লগীয়া হোৱা
নাছিল ।
তাৰ পিছৰবাৰ দিল্লীত যাওঁতে তাইৰ ইউনিভাৰচিটিৰ বান্ধৱী পল্লৱীক লগ পালে । পাই ভালেই লাগিছিল । কিন্তু, পল্লৱীয়ে বিয়াৰ কথা তাই এবাৰো নজনালে ৰুণ ভিতৰি ভিতৰি ক্ষুণ্ণ হ'ল । তথাপিওঁ লগৰ বান্ধৱীক পাই মনতো ভাল লাগিছিল । মিষ্টাৰৰ নামটাে শুধাত নক'লে । উত্তৰত ক'লে পাছত পাতিম দে সেইবােৰ বিয়া কেনেকৈ হ'ল । ৰুণেও ভাৱিলে হ'ব পাছত পাতিম । পল্লৱীয়ে কৈছিল, মােৰ ল'ৰা-ছােৱালী নাই ॥ তাই দিল্লী কলেজতে প্ৰবক্তা হিচাবে কাম কৰি আছে ॥ দুয়াে এৰা - এৰি হ'ল সেইদিনা ॥
( আগলৈ)
📝মীনা পামে গাম
চিপাঝাৰ, দৰং
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ