আমাৰ উত্তৰ পুৰুষৰ ব্যক্তিগত আৰু সামাজিক গুণসমূহ-০২

©Admin
0
ছাত্ৰ-ছাত্ৰীৰ শিকণ আৰু সুস্থ বিকাশৰ বাবে এই গুণসমূহ আৰু কৌশলসমূহৰ প্ৰয়োজনীয়তাক সঁহাৰি দিয়া কথাটো শিক্ষকে বুজি পোৱাটো অতিশয় গুৰুত্বপূৰ্ণ । বিদ্যালয়ত বিভিন্ন পশ্চাতভূমিৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ অভিজ্ঞতা , ব্যক্তিগত বিশেষত্বসমূহ , আগ্ৰহ আৰু তেওঁলোকৰ ব্যক্তিগত সামাজিক গুণসমূহৰ বিকাশে তেওঁলোকক উপযুক্তভাৱে বৰঙণি আগবঢ়াব যেতিয়া তেওঁলোকে দলত কাম কৰিব । ব্যক্তিগত আৰু সামাজিক সামৰ্থই ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিগত বিশ্বাসক আগবঢ়োৱাত সঁহাৰি দিয়ে , যিসকলে জীৱনৰ প্রতি বিষয়তে উপযুক্ত সিদ্ধান্ত ল'বলৈ বাধ্য হয় ।
    শিকাৰুৰ বিশ্বাসত , তেওঁলোকৰ অনুভূতিক , তেওঁলোকৰ ভাৱনাৰ ব্যৱস্থাক আৰু আচৰণৰ পৰিবৰ্তনক সহজ কৰি তুলিব পাৰে যাতে ব্যক্তিগত আৰু সামাজিক জীৱনৰ প্রতিতো পদক্ষেপতে তেওঁলোকৰ শৈক্ষিক অনুসন্ধান উৎকৃষ্ট পৰ্যায়ত প্রদৰ্শন কৰিব পাৰে ।
    যিসকল শিক্ষক সংযোগ স্থাপনত , শ্ৰেণীকোঠাৰ সজ্জিতকৰণত আৰু উপযুক্ত শৃংখলা অটুত ৰখাৰ কৌশলত দক্ষ তেওঁলোকে এটা ইতিবাচক শিকণ পৰিৱেশে সৃষ্টি কৰে । যদিহে তেওঁলোক নিজৰ বিষয়ৰ ক্ষেত্ৰখনত নিপুণ হোৱাটো আৱশ্যকীয় তথাপি তেওঁলোকে কথা-বাৰ্তাৰ ধাৰণাৰ প্রয়োজনীয় ব্যৱস্থাত ছাত্ৰ-ছাত্ৰীৰ জটিল বিষয়সমূহ বুজি পাবলৈ সক্ষম হয় । শিক্ষকে তেওঁলোকৰ ফলপ্রসূ প্রকাশ কৌশলৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ শিকণক অৰ্থপূৰ্ণ আৰু ফলপ্রসূভাৱে প্ৰকাশ কৰাত সহায় কৰে ।ব্যক্তিগত সামাজিক গুণসমূহ প্রদৰ্শনৰ দ্বাৰা তেওঁলোকে বিদ্যালয়ত অধিক সমৰ্থনযোগ্য আৰু উৎসাহজনক পথত ছাত্ৰ-ছাত্ৰী আৰু অন্য সকলৰ সৈতে আদান প্রদান কৰিব পাৰে, আচৰণমূলক পথ নিৰ্দেশনা স্থিৰ কৰিব পাৰে । সেইকাৰণে শিক্ষকে তেওঁলোকৰ নিজা অৰ্হতা আৰু কৌশলৰ জৰিয়তে তেনেদৰে ছাত্ৰ-ছাত্ৰীক আগবঢ়াই নিব পাৰে |

          সমাপ্ত

🖋️ হেমেন হাজৰিকা
      মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)