অনুতাপ-০৭ (ধাৰাবাহিক উপন্যাস)

দ্বীপে আজি বৰকৈ উচুপিছে। নাজানো কিয় তাৰ লগত এনেকুৱা হ'ল কি ভুল আছিল তাৰ।এয়াই চাগে জীৱন।কি দিয়া নাছিল তাইক। বুকুৰ সমস্ত মৰম দিছিলো।কিয় কৰিলে তেনেহলে ইমান অৱহেলা।সময় সঁচাকৈ বৰ নিষ্ঠুৰ অ। ভাবি ভাবি দ্বীপ অধৈয্য হৈ পৰিল।একো খাবলৈ মন নকৰে। মাক-দেউতাকেও বৰ চিন্তিত হৈ পৰিছে।লৰাজনৰ হঠাৎ হ'ল কি?মাকে মৰমত তাক সুধিব বিচাৰে কিন্তু সি উত্তেজিত হৈ পৰে। দ্বীপ এতিয়া আগৰ দ্বীপ হৈ থকা নাই সি এতিয়া মাক-দেউতাক আৰু ভনীয়েকহঁতৰ কাৰণে চিন্তা কৰি সময় পাৰ নকৰে ।সি ঘৰখনৰ কথা ভাবি চিন্তিত নহয়।আনকি তাৰ নিজৰ জীৱনৰ লক্ষ্য উদ্দেশ্যৰ প্ৰতিও কাণসাৰ নাই।সি মাত্ৰ  একেৰাহে বহি কিবা চিন্তা কৰি থাকে। মাক-দেউতাকে যে কষ্ট পাই সি জানে তথাপিও সি আগৰ দৰে হ'ব পৰা নাই।তাৰ হিয়া ভেদি গ'ল হিয়াৰ মৰমে বিশ্বাসঘাটকতাই।যাক লৈ জীৱনৰ ৰঙীণ কল্পনা কৰিছিল আজি তাইক বিসৰ্জন দিছে । ইয়াতকৈ দুখ কি হ'ব পাৰে।
          সঁচাকৈয়ে আশা নকৰাকৈয়ে,নিবিচৰাকৈয়ে হৈ যায় কিছুমান। মাক-দেউতাকে পুতেকৰ এনে কাৰণত বৰ চিন্তিত হৈ পৰিছে। তেওঁলোকৰ বাধ্য আৰু মৰমৰ একমাত্ৰ ল'ৰা দ্বীপ কিমান ভাল কেনেকুৱা তেওঁলোকে জানে অথচ বুজিব পৰা নাই সঁচাকৈ দ্বীপৰ কি হৈছে?কিয় এনেকুৱা কৰিছে? যিজন লৰাই ঘৰখন, সমাজখন, জাতিটোৰ কাৰণে চিন্তা কৰি সত পথত আগুৱাই যাবলৈ দিনে-ৰাতিয়ে চেষ্টা কৰে,যাৰ দুচকুত এজাক সপোন প্ৰত্যাশা,যিয়ে কষ্টৰ মিঠাখিনি ইতিমধ্যে উপভোগ কৰিছিলহে অথচ কি হ'বলৈ ধৰিছে।সময় কিয় ইমান নিষ্ঠুৰ ।বহুতো কষ্টেৰে ঘৰখন ,ঘৰখন পৰিৱৰ্তন কৰিছিল দ্বীপে। হাজাৰটা বাধাকো নেওচি উন্নতিৰ শিখৰত বগাবলৈ কৰিছিল অহৰহ চেষ্টা। আজি দ্বীপ সফল হৈছে। মাক-দেউতাকৰ একাংশ সপোন পূৰাবলৈ সক্ষম হৈছে।এটি ধুনীয়া সপোনৰ পকীঘৰত পাঁচোটি প্ৰাণীয়ে সুখত পাৰ কৰিছে প্ৰতিটো দিন, প্ৰতিটো মুহুৰ্ত। দেউতাকো আগৰ দৰে দুৰ্বল নহয়।ঘৰতে বহি নিজৰ স্বাস্থ্যৰ যত্ন লয় লগতে সকলো ক্ষেত্ৰতে পাৰেমানে পুতেকক সহায় কৰে। আশীৰ্বাদ দিয়ে হিয়া উজাৰি।সুখৰ দিনবোৰ আৰম্ভ হৈছিলহে তেনেতে আকৌ দ্বীপৰ হ'ল কি?দ্বীপ বাৰু আকৌ আগৰ দ্ধীপজন হৈ থাকিবনে?
                      

📝পংখী মৰাণ
 তিনিচুকীয়া

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send