জীৱন আৰু জীৱনৰ লক্ষ্য

©Admin
0

  জীৱন এক কবিতা। জীৱনতকৈ ডাঙৰ কবিতা আৰু একো নাই। কবিতাৰ দৰে জীৱনটোও ছন্দময়। এই ছন্দৰে জীৱনটো বৈচিত্ৰময় ৰূপত গঢ়ি তোলাটোতেই জীৱনৰ মাদকতা বিচাৰি পোৱা যায়।
              প্ৰত্যেকজন ব্যক্তিৰে একো-একোটা স্বকীয় ব্যক্তিত্ব থাকে। নিজৰ কৰ্মৰ জৰিয়তে প্ৰকাশ পায় ব্যক্তিৰ সুপ্ত প্ৰতিভা আৰু স্বকীয়তা। স্বকীয় গুণৰাজিৰ বিকাশৰ জৰিয়তে আত্মসত্বা বিকশিত হয়। আত্মসত্বাৰ বিকাশৰ চূড়ান্ত শিখৰত উপলব্ধি হয় জীৱনৰ স্বৰূপ আৰু উপলব্ধি কৰিব পৰা যায় জীৱনৰ সাৰ্থকতা বা নিৰৰ্থকতা।
               আমি আমাৰ হৃদয়ৰ নিভৃত কোণৰ পৰা যি সত্য উপলব্ধি কাৰো, সেই সত্যৰ আঁত ধৰি জীৱনটো আগুৱাই লৈ যোৱা উচিত। আমি আমাৰ মানৱসত্বা বিকাশৰ বাবে যিটো দিশেই উপযুক্ত হিচাপে বিবেচনা কৰিম তাকেই অনুসৰণ কৰি ভৱিষ্যতৰ দিশত খোজ আগবঢ়াব লাগে। আমাৰ প্ৰত্যেকটো কামৰ প্ৰতি দায়বদ্ধতাৰ মনোভাৱ পোষণ কৰি চলিব লাগে।
               প্ৰত্যেক ব্যক্তিয়ে জীৱনৰ কোনোবা নহয় কোনোবা এটা স্তৰত ভুল কৰেই। ভুল কৰাটো কোনো ডাঙৰ কথা নহয়। কিন্তু জীৱনৰ ভুলবোৰৰ যাতে পুনৰাবৃত্তি নহয় তাৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিব লাগে। লগতে প্ৰত্যেকটো ভুলৰ পৰা একোটা নতুন বিষয় আয়ত্বলৈ অনাৰ প্ৰয়াস কৰিব লাগে। প্ৰত্যেক মানুহৰ জীৱনলৈ এনে কিছুমান সমস্যা আহে, যিবোৰ সমাজভেদে পৃথক নহয়। কিন্তু এই সমস্যাক নেওচি আমি আগুৱাই যাব লাগে। সকলোৰে সমস্যা একে; কিন্তু সমাধানৰ পন্থা বেলেগ বেলেগ। আমি জানো যে "চাপৰিলে মেঘ নাতৰে।"অৰ্থাৎ সমস্যাৰ পৰা আমি পলালেই সমস্যা নিৰ্মূল নহ'ব। ইয়াৰ সমাধানৰ বাবে আমি সাধ্যানুসৰি কাৰ্যপন্থা হাতত ল'ব লাগিব। সমস্যা আমাৰ কাৰণে কেৱল প্ৰত্যাহ্বান বুলি ভাবিলেই নহ'ব। যেনেকৈ ৰাতিৰ অবিহনে দিনৰ,আঁউসীৰ অবিহনে পূৰ্ণিমাৰ বা দুখৰ অবিহনে সুখৰ কোনো আমেজ নাই; তেনেকৈয়ে সমস্যাহীন জীৱনো আমেজহীন। সমস্যাৰ অবিহনে ধৰা দিয়া সফলতাৰ আনন্দই বা কি? আমাক সমস্যাৰ প্ৰয়োজন জীৱনৰ সফলতা উপভোগৰ বাবে।
               চিন্তাৰ জখলাত এখোজ-এখোজকৈ খোজ দি ভৱিষ্যতৰ সমৃদ্ধিৰ পথ আমি মসৃণ কৰি তুলিব পাৰো। সপোনৰ লগত চিন্তাৰ ৰহণ সানি নানাৰঙী আৱেগেৰে    জীৱনটো সুন্দৰ ৰূপত গঢ়ি তুলিব লাগে। আশাই আমাৰ সপোন মজবুত কৰে আৰু সপোনে ভৱিষ্যতৰ বাট পোহৰাই তোলে। কিন্তু যি সপোনে আমাক আমাৰ কৰ্তব্যত স্থিতপ্ৰজ্ঞ হৈ থাকিবলৈ প্ৰেৰণা যোগাই সেয়াহে প্ৰকৃত সপোন। সপোনে কেতিয়াও আমাক কৰ্তব্যৰ পৰা বিচলিত নকৰে।
               জীৱনৰ পথত খোজ দিওঁতে জটিলতা আহিবই। জটিলতাই আমাক বা আমাৰ সপোন ধ্বংস নকৰে নাইবা জীৱনৰ গতি ৰুদ্ধ নকৰে। জটিলতাই মাথোঁ আমাৰ  আৰু শক্তিক পৰীক্ষা কৰে। এই জটিলতাক হৰুৱাই যিজনে সফলতাক স্পৰ্শ কৰিব তেওঁৰ জীৱনৰ গতি স্তব্ধ কৰিব পৰা শক্তি কেতিয়াও আৱিৰ্ভূত নহ'ব।
               সৌন্দৰ্য্য জীৱনৰ অন্যতম অঙ্গ। জীৱনটো সুন্দৰ কৰিবলৈ আমাৰ মনবোৰো সুন্দৰ হ'ব লাগিব। সুন্দৰতা মানুহৰ মুখমণ্ডলত নাথাকে। সুন্দৰতা থাকে মানুহৰ অন্তৰত। যাৰ অন্তৰ সুন্দৰ, তেওঁৰ বাহ্যিক ৰূপ যিয়েই নহওঁক তেওঁৰ জেউতি কেতিয়াও ম্লান নহয়। যাৰ অন্তৰত সুন্দৰতা নাথাকে, সি সুন্দৰ হৈও অকুৰূপ। সেয়ে বাহ্যিক আৱৰণক আমি যাতে কেতিয়াও সুন্দৰতাৰ মাপকাঠি বুলি ভুল নকৰোঁ। সকলোকে একে ঈশ্বৰ মানুহ হিচাপে গণ্য কৰিব লাগে। উচ্চ-নীচ মনোভাৱ পৰিহাৰ কৰি মানৱৰূপী ঈশ্বৰ হিচাপে মানৱসেৱাৰ প্ৰতি নিজকে উৎসৰ্গিত কৰিব লাগে।
               জীৱনৰ কৰ্তব্যবোৰ সুচাৰুৰূপে পালন কৰি গৈ থাকিলেহে বৰ্তমানৰ সপোনবোৰ ভৱিষ্যতৰ দিঠকত পৰিণত হ'ব। তেতিয়াই আমি সফলতা অৰ্জন কৰিম।আমি আমাৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰি যাব লাগে মাথোন। ভৱিষ্যতৰ কৰ্মফলৰ আশা কৰিব নালাগে।এটা সু-সংগঠিত বৰ্তমানে সুনিশ্চিত ভৱিষ্যতৰ দিশে আমাক নিশ্চয় পথ প্ৰদৰ্শন কৰিব। কিন্তু জীৱনৰ প্ৰথম সাফল্যৰ পাছত জিৰণিৰ কোনো আৱশ্যকতা নাই। দ্বিতীয়টো সাফল্যৰ বাবে সর্বদা উৎসুক আৰু অনুপ্ৰাণিত হৈ থাকিব লাগে। কাৰণ দ্বিতীয়টোত বিফল হ'লে মানুহে প্ৰথমটোক আমাৰ কৰ্মফল বুলি গণ্য নকৰি আমাৰ সৌভাগ্যৰূপে বিবেচনা কৰিব।
               জীৱনত জয় পৰাজয় থাকিবই। জয় পৰাজয় কোনো ডাঙৰ কথা নহয়।জয় পৰাজয় নির্ভৰ কৰে মানুহৰ মানসিকতাৰ ওপৰত।আমি জীৱনত অহা সমস্যাই হওক বা মানুহৰ হৃদয়েই হওক পৰাজিত কৰিবলৈ চেষ্টা কৰাতকৈ জয় কৰিবলৈ চেষ্টা কৰিব লাগে।কাৰোবাক হৰুৱাতকৈ জয়ী কৰাটো কঠিন।সেয়ে মৰমেৰে আৰু সততাৰে সকলোকে জয়ী কৰাৰ প্রয়াস কৰা উচিত।
               মানুহ হিচাপে কোনো কাৰোৰে পৰিপূৰক হ'ব নোৱাৰে। সকলো মানুহেই এজন আনজনৰ পৰা পৃথক। স্বকীয় আত্মসত্বা , ব্যক্তিত্ব তথা গুণৰাজিৰ জৰিয়তে সকলো মানুহেই ব্যতিক্ৰমী।আমি কোনো সাধাৰণ নহয়। সকলোৱেই অসাধাৰণ।এই অসাধাৰণতাৰে আমি ব্যতিক্ৰমী ৰূপত ইতিহাসৰ পাতত নিজকে বন্দী কৰি ৰাখিব পাৰো তাৰ বাবে মাথোঁ এটি মাত্ৰ নিৰ্দিষ্ট লক্ষ্য আগত ৰাখি আগবাঢ়ি যাব লাগিব আৰু লক্ষ্যপ্ৰাপ্তি নোহোৱালৈকে সংগ্ৰাম অব্যাহত ৰাখিব লাগিব। এনেকুৱা কোনো প্ৰতিৰোধক নাই যিয়ে মানৱৰ অন্তহীন  যাত্ৰাপথত হেঙাৰৰূপে থিয় দিব পাৰে। জীৱশ্ৰেষ্ঠৰূপে পৰিগণিত আমি মানৱ। আমাৰ অসাধ্য একো নাই। মাথোঁ আমি আমাৰ লক্ষ্যৰ দিশত অনন্ত যাত্ৰা আৰম্ভ কৰিব লাগে। মাথোঁ এটাই মনত ৰাখিব লাগে যে আমি কৰিব বিচাৰোঁ কি!!! সেয়ে হে মানৱ!!! উঠা, জাগা আৰু নিজ লক্ষ্যত উপনীত হোৱা.....।।

🖊️ প্ৰজ্ঞা দেৱী ভূঞা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)