নামঘৰেই হ'ব পাৰে আমাৰ শেষ ভৰষা

©Admin
0


গুৰুজনাই নামঘৰত পালন কৰা নিয়মবোৰ আকৌ পালন কৰো আহকচোন------

১) পৰিষ্কাৰ পৰিচন্নতাই নামঘৰৰ প্রথম আৰু প্রধান চর্ত | প্রতিদিনা পুৱাই নামঘৰীয়াই নামঘৰৰ মজিয়াৰ পৰা চৌপাশ চাফ - চিকুন কৰিহে ধুপ-ধুনা-বন্তি আদি জ্বলাই | আমি ঘৰত কৰোনে ? যদি নকৰো আজিৰ পৰা কৰাৰ অভ্যাস কৰো আহক !
২) নামঘৰলৈ ভকত - বৈষ্ণৱ গ'লে কোনেও বাহী কাপোৰ পৰিধান নকৰে | ঘৰত এটা চার্টকে তিনিদিনমান পিন্ধাৰ অভ্যাস আছে নেকি ? পৰিত্যাগ কৰো আহক এনে বদ অভ্যাস |
৩) নামঘৰৰ পদুলিত অৰ্থাত বাটচ'ৰাৰ সন্মুখতে এবাল্টি পানী এটা মগ বা ঘটি থৈ দিয়া হয় | ভকত - বৈষ্ণৱ আহিলে সেই পানীৰে হাত ভৰি ধুই নামঘৰত প্রৱেশ কৰে | ঘৰত সেই ব্যৱস্থা আছেনে, যদি নাই আজিৰ পৰা সেই নিয়ম মানি চলোঁ আহক |
৪) এনে কোনো নামঘৰৰ আছেনে য'ত জোতা- চেণ্ডেল সহ নামঘৰত প্রৱেশ কৰে | যদি নাই ঘৰবোৰত এই নিয়ম মানি নচলোঁ কিয় ? ঘৰত অকল আলহিয়েহে জোতা- চেণ্ডেল খুলি যায়, গিৰিহতে বাহিৰৰ পৰা আহি মালিকগিৰি খতুৱাই জোতা-চেণ্ডেলেৰেই পাকঘৰ পায় | বাদ দিয়ক মালিকগিৰি, জোতা - চেণ্ডেল খুলি গৃহ প্রৱেশ কৰক |
৫) বিলনীয়াই থাপনা পাতোতে বা শৰাই আগবঢ়াওতে এটা শব্দও নকয় , আমি কিয় ৰন্ধা- বঢ়াৰ সময়ত তেপ তেপাই থাকো, বাদ দিয়ক এই অভ্যাস, কথা পাতিবলগীয়া থাকিলে ৰন্ধন কার্যৰ পৰা আঁতৰি আহোঁ আহক !
৬) বিলনীয়াই প্রসাদ বিতৰণৰ সময়ত লক্ষ কৰিছেনে, কেনেকৈ মুখত গামোচাখন মাৰি থাকে, কিয় ? এবাৰ ভাবক, নিজেও কৰোঁ আহক !
৭) ভোগ আদি ৰন্ধনৰ সময়ত ধুই থোৱা বাচনসমুহ আকৌ আখালি লয় কিয় ? আমি ঘৰত কৰোনে ? যদি নকৰোঁ, কৰাৰ অভ্যাস কৰো আহক | 
৮) ভকতে আসন লোৱা দেখিছে, প্রকৃত ভকতে কেতিয়াও আনৰ গাত গ লগাই আসন নলয়, আমি কিয় গাত গা লগাই বহোঁ ! নবহোঁ আজিৰ পৰা, নে কি কয়? 
৯) গুৰুজনাই মাটি পানী লোৱাৰ নিয়ম তেতিয়াই শিকাইছে, আগতে চাৰি আঙুল তলৰ মাটি লৈ হাতখন ধুনীয়াকৈ মহাৰি তাৰ পাছত পানীৰে ধুব লাগে | এতিয়া চাৱন - চেম্পু কি লয় লওত, হাত ধোৱাৰ নিয়ম একেটাই |
১০) নামঘৰলৈ গ'লে এই যে গামোচাখন লৈ যাওঁ | কিয় ? প্রদর্শনৰ বাবে | হয়তু নহয়, ইয়াৰে প্রয়োজনত হাত- মুখ ভালকৈ মচি ল'ব লাগে! তেন্তে এতিয়া ৰুমাল - টাৱেল এখন লগত লৈ ফুৰাত আপত্তি কি ? 
১১) নামঘৰত কেতিয়াবা বাহী খাদ্য খাই পাইছেনে ? যেনে আগদিনা ৰন্ধা ভোজৰ ভাত, আগনিশা পতা শৰাইৰ প্রসাদ ! নাইখোৱা ন ? ঘৰত কিয় খাওঁ ?  আগনিশাৰ মাংসৰ জোলকণ পিচদিনাহে খাই ভাল পাওঁ কিয় ? এইবোৰ বেয়া অভ্যাস, এৰি দিওঁ আহক ! 
১২) নামঘৰত ইজনে - সিজনক সম্ভাষণ জনোৱাৰ নিয়ম দেখিছে নহয়, কেনেকৈ কৰযোৰ কৰি সম্ভাষণ জনায়, একে নিয়ম এতিয়া বিশ্বই আৰম্ভ কৰিছে | আমাৰে বস্তু আমি ব্যৱহাৰ নকৰো কিয় ? কৰো আহক, গুৰুজনাৰ নিয়মো ৰ'ব, আমাৰো জীৱন বাচিব | 
১৩) সুষম আহাৰৰ ধাৰণা দেখোন নামঘৰতে পাই, আমি আকৌ মাছ- মাংসৰ পিছত দৌৰি থাকোঁ কিয় ? 
         আৰু ওলাব বিচাৰিলে | আহক আমি নামঘৰৰ আৰ্হি ঘৰতো ব্যৱহাৰ কৰোঁ, গুৰুজনাই সকলো বেমাৰৰ মহোষৌধ নামঘৰ, শৰণ - ভজনৰ মাজেৰে দি থৈ গৈছে, আমি মাথো শুদ্ধভাৱে মানি চলিলেই হ'ল | দেখা যাওক কোন বেমাৰে আমাৰ দেহত ক্রিয়া কৰিব পাৰে ! 
' জয় গুৰু শংকৰ'।

📝প্ৰিয়ংকা গায়ন 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)