শুৱনি অসমী আই
অতিকৈ শুৱনি
লভিছো জনম তোমাৰ
কোলাতে আই ৷
তোমাৰ অপূর্ব ৰূপ সৌন্দর্যই
মোহিত কৰে আজি মোক
মানৱতাৰ জয়গান গাবলৈ ৷
তোমাৰ আকাশ বতাহে
সিঁঁচৰিত হৈ আছে
অনেক মহাপূৰুষৰ গান৷
তোমাৰ পাহাৰ পর্বত
হাবি বননিত বাস কৰিছে
কিমান যে আপূৰুগীয়া প্ৰাণী ৷
নীলাচল পাহাৰৰ কামাখ্য মন্দিৰ
শিৱসাগৰৰ ৰংংঘৰ , কাৰেঙঘৰ
অসমীয়া জাতিৰ প্ৰতীক ৷
অসম আমাৰ আই ৰূপহী
আমি অসমীয়া জাতি
নাই ভেদভাৱ অকনো আমাৰ
থাকো সবে মিলিজূলি ৷৷
📝হিৰকজ্যোতি কলিতা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ