এইবাৰ শৰৎ আহি
থমকি ৰ'ল
দেবীয়েও মহালয়াত আহি থমকি ৰ'ল
সপোন হৈয়ে পৰি ৰ'ল
আশাৰ দুৱাৰ দলি
নাই ৰং নাই হেঁপাহ
বিশ্ব খনিকৰৰ আৰাধনাৰ বাবেও নাই উছাহ
আছে মাথোঁ চৌদিশে
ভয়াবহ আশঙ্কাৰে ভৰা জনজীৱন
এখনি যেন অনাকাঙ্খিত ছবি
পৰিৱৰ্তনমুখী জীৱন যাত্ৰা
আবেগৰ ঢৌ নাই
শেৱালিও আহিল নিজ বাটেৰে
সুবাস বিলাবলৈ।
কাৰো যে উৎসাহেই নাই
কেৱল বিচাৰি আছোঁ
হেৰুৱা নীল আকাশৰ ৰং
পুনৰ ঘূৰাই পাবলৈ
সেউজী ধৰাৰ ৰংবোৰ আনি
উকা মনত পুনৰ সজাই ল'বলৈ
আঁকিবহি জানো এইবাৰ শৰতে
অতীতৰ ডুখৰীয়া ৰঙীন ছবি?
দিবহি নে বাৰু অতীতৰ সেই সজীৱতা
ন ৰূপেৰে সজাবনে হৃদয়ক
ঘূৰাই পাম নে বাৰু এইবাৰ
তাহানিৰ সেই মাদকতা।
নিশ্চয়, পাৰহৈ যাবই এই দুঃসময়।।
📝কানন বৰুৱা ডিব্ৰুগড়
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ