Free fire অনলাইন গেমে বিদ্যাৰ্থী সকলৰ ওপৰত কি প্ৰভাৱ বিস্তাৰ কৰিছে (খণ্ড-০২)

©Admin
0
একেখন ঠাইত ঘণ্টা ঘণ্টা ধৰি Free fire খেলাৰ ফলত শিশুসকলৰ শাৰীৰিক আৰু মানসিক দিশতো অৱনতি হৈছে ৷
যেনে শৰীৰৰ ওজন কমিছে , চৰ্বিৰ পৰিমাণ বাঢ়িছে ৷
এজন ডাক্তৰে সাক্ষাৎকাৰত কয় যে 
" অতি মাত্ৰাত অনলাইন গেমছ খেলিলে মগজুৰ কোষিকাত ৰেডিয়েচনৰ পৰিমাণ বৃদ্ধি পাই ভৱিষ্যতে মগজুৰ যথেষ্ট লোকচান হব পাৰে ৷ যাৰ ফলত মূৰ বিষ , ব্ৰেইন হেম্ব্ৰেজ আদি ধৰণৰ মাৰাত্মক সমস্যাই দেখা দিব পাৰে "
অতি মাত্ৰাত ৰেডিয়েছন মগজুত হোৱাৰ ফলত গেমিং ডিছ অৰ্ডাৰৰ ফলত মগজুৰ ন্যুৰ ট্ৰাঞ্চমিটাৰত পৰিবৰ্তন আহিবলৈ ধৰে এই পৰিবৰ্তনৰ কাৰণে শিশু সকলৰ ব্যৱহাৰত হিংস্ৰ স্বভাৱ দেখিবলৈ 
পোৱা যায় ৷
যাৰ ফলত মগজুত বিভিন্ন ধৰণৰ ৰোগৰ লক্ষণ দেখিবলৈ পোৱা যায় ৷
 এইবোৰ গেম খেলা সকলে কথাই কথাই খঙালু হৈ উঠে আৰু জেদী স্বাভাৱৰ হৈ ৷
সেয়াই নহয় টোপনি নোহোৱা, পৰিয়ালবৰ্গৰ মাজৰ পৰা নিজকে দুৰৈত ৰখা, একাগ্ৰতা কম হোৱা, স্মৃতি শক্তি কমি যোৱা, গেমৰ প্ৰতি অধিক আকৰ্ষণ বঢ়া , শিশুসকলৰ ব্যৱহাৰত হিংস্ৰ স্বাভাৱ , পঢ়াশুনা আদিৰ প্ৰতি ৰুচি কম হোৱা, চকুৰ দৃষ্টি শক্তি দুৰ্বল হোৱা, একেৰাহে বহি থকাৰ ফলত শকত হোৱা আৰু ব্লাড প্ৰেছাৰ বঢ়া , গেমৰ বিষয়ে বেয়াকৈ কোৱা সকলক আক্ৰমণাত্মক ব্যৱহাৰ কৰা , গেম খেলাত বাধা ৰোধ কৰা অবিভাৱক সকলৰ ওপৰত খং কৰা , মনোবৃত্তিত সম্পূৰ্ণ পৰিবৰ্তন অহা আদি বিভিন্ন ধৰণৰ সমস্যা তথা ৰোগে দেখা দিয়ে ৷
গতিকে দেখা গ'ল যে অনলাইন গেমিংত শিশু তথা নৱযুৱকসকলৰ বহুত পৰিমাণে ক্ষতি সাধন হৈছে সেইহে অৱিভাৱক সকল নিজৰ সন্তানৰ প্ৰতি সজাগ আৰু সচেতন হবলৈ হ'ল ৷ নহলে আপোনাৰ সন্তান৷ আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰত হোৱাৰ লগতেে সন্তানৰ ভৱিষ্যত অন্ধকাৰময় হোৱাৰ সম্ভাৱনা অধিক পৰিমাণে আছে ৷

📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)