আহিনৰ শাওণী বৰষুণজাক

©Admin
0
শৰতৰ গুণগান গাও কি নাগাওতেই 
আহিনত কি জাগল পেলালি ???

নেপেলাবি গাত - দুষ্ট বৰষুণজাক,
চেচাঁ-চেচাঁ বতাহৰ ফাঁকে-ফাঁকে
আহিনৰ দীঘল-ঠেঙীয়াবােৰে
কোবাই কিয় শুকাবলৈ ধৰা মাটিডৰা ???

আহিনী আকাশ !!
লৈ যা কাল মেঘ ডাৱৰৰ সিপাৰলৈ
আমি শৰৎ বন্দনা কৰোঁ
শৰতক পান কৰোঁ
শৰতক মদিৰা কৰোচােন !!!

শীতক আমন্ত্রণ জনাবলৈ
ইমানো লৰা-ঢপৰানে তোৰ !!
আহিনৰ -শাওণী বৰষুণ???
পানী আৰু বোকাৰ চোলা
নিপিন্ধােচােন....অহৰহ...!!!

আকাশক এৰিদিয়া 
ডাৱৰমুক্ত পৰিৱেশ ...!!
আকাশ,
আকাশ হৈয়ে থাককচােন ।
যা যা তই আহিনী মেঘ .....
দূৰলৈ........
আৰু বহুত দূৰলৈ...যাগৈ...!!!

📝মীনা পামে গাম
চিপাঝাৰ,

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)