প্ৰেৰণা (অণুগল্প)

©Admin
0
ৰুবুল ৰাজনীতি বিভাগৰ পঞ্চম ষান্মাসিকৰ ছাত্র | বিভাগীয় প্রধানে ছাত্র ছাত্রীক এচাইনমেণ্ট লিখিব দিছে কিন্তু ৰুবুলৰ হাতত এচাইনমেণ্ট লিখিবলৈ পর্যাপ্ত কিতাপৰ অভাৱ ,কলেজৰ লাইব্রেৰীতো  কিতাপ নাই অন্য ছাত্র ছাত্রীয়ে লৈ গ'ল | কৰিব কি উপায় নাপাই সি লাইব্রেৰী বাৰাণ্ডাৰ চকী এখনত মৌন হৈ বহি আছে |সেই সময়তে বুৰঞ্জী বিভাগৰ প্রবক্তা ৰতন তামুলী ছাৰে ৰুবুলৰ এই অৱস্থাটো প্রত্যক্ষ কৰি সুধিলে "কি হ'ল ৰবুল এনেকৈ মন মাৰি কিয় বহি আছা ? ৰুবুল উচপ্ খাই উঠে আৰু ছাৰক নিজৰ সমস্যাখিনি অৱগত কৰে ;ছাৰে ৰবুলৰ পিঠিত হাত
 বুলাই কয় "চিন্তা নকৰিবা মই তোমাক কিতাপ উলিয়াই দিম !"

📝বিমান তাঁতী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)