"সম্পৰ্কবোৰ মই তেজেৰে নিচিনো হৃদয়েৰে চিনো"- আজিৰ পৰা প্ৰায় ১বছৰৰ আগতে কোৱা কথাষাৰ মোৰ হ'লে আজিও মনত আছে। সম্পৰ্কৰ বিপৰীত মেৰুত মোৰ পদধ্বনি তাই সহ্য কৰিছিল। এনেদৰেই অভিজ্ঞতা হৈছিল জীৱন আৰু সম্পৰ্কৰ তিতা-মিঠা লগা কথাবোৰৰ স'তে। দুয়োৰে দুয়োৰ সুখত সুখী ও দুখত দুখী। মই হাঁহিলে তাইও হাঁহে,কান্দিলে মাৰ দৰে নিচুকায়, দুষ্টামী কৰিলে দেউতাৰ দৰে শাসন কৰে, বান্ধৱীৰ দৰে ধেমালি কৰে। অৱশ্যে মোৰ জেদী মনটোৰ বাবেই আমাৰ মাজত সৰু-সুৰা কাজিয়া সঘনাই হৈছিল। কাজিয়াৰ শেষত মইয়ো কান্দো তাইও কান্দে মুঠতে কান্দি কান্দি চকু ৰঙা পৰি যায়। অৱশেষত দুয়োটাই নিজেই নিজকে দুষাৰোপ কৰি শান্তনা লভো। এনেতে phoneটোত message এটা সোমাল-"অও অনুৰাগিণী"
অ' আপোনালোকক কোৱা হোৱাই নাই নহয়
অনুৰাগিণী মোৰ মৰমৰ একমাত্ৰ বা...।
বৰ সহজ সৰল তাই আৰু মষ্ট অঁকৰা।
সহজ সৰল মনটোৰ কাৰণেই বহুতে সুবিধা লয় তাইৰ পৰা। কিন্তু মই হ'লে সম্পূৰ্ণ বিপৰীত।
: অই পোৱালি কি কৰিছ?
: নাই এনেই বহি আছো , উঠিলা নাই তুমি?
: নাই উঠা গা-টো বহুত বেয়া।
:অ'... কি হৈছে আকৌ?
:কি হ'ব আৰু বুকু বিষ, তোৰ লগত কাজিয়া কৰাৰ পিছতেই বেছি হ'ল। ভৱাই নাছিলো মেডিকেলৰ পৰা ঘূৰি আহিম!
: মই চোন গমেই নাপালোঁ, কিয় কোৱা নাছিলা মোক?
: এহ্ বাদ দে এনেই এনেই চিন্তা কৰিলি হেঁতেন তই।
: তুমি মোৰ কাৰণে ইমান চিন্তা কৰা but মই!
: একো নাই হ'ব দে ভালে থাক সদায় মোৰ পোৱালিটো।
:বা..
ভুলবোৰ কৰো বুলি কৰা নাযায়, যি ভুলৰ শেষ পৰিণতি কেৱল বিষাদ। তথাপি মৰমবোৰ একেই থাকে। কাৰণ, তাই মোক তেজৰ জোখেৰে নহয় হৃদয়ৰ জোখেৰে আপোন কৰিছিল। কিয় নাজানো মোৰ এই সন্দেহবাদী মনটোৱে তাইৰ বুকুত বাৰে বাৰে আঘাত হানিছিল, তাই কিন্তু এবাৰলৈও কোৱা নাছিল সেই আঘাতৰ গভীৰতা কিমান!
খং, অভিমান, আঁশা এইবোৰ আচলতে নিজৰ মানুহবোৰৰ ওপৰতহে কৰা যায়।
যিবোৰ অত্যাধিক হৈ গলেই মই হৈ পৰো পাগল অথবা নষ্ট ল'ৰা। সেই চাগে সৰু সৰু কথাৰ পৰাই একো একোটা ডাঙৰ ইচু আৰম্ভ হয়। আৰু মোৰ এই অজুহাত বিচাৰি ফুৰা দুৰ্বল মনটোৱে বাৰে বাৰে তাইৰ স্বভিমানত আঘাত সানে।
এই যে দিনটো online আছা, phone এটাও কৰা নাই, message এটাও নাই, মইতো নাজানো কিহত বা ব্যস্ত তাই। এনেধৰণৰ অৰ্থহীন ভৱনাবোৰে জ্বলাই মাৰে মোক।
ভাৱ হয় তাই বাৰু আঁতৰি গৈছে নেকি! মই বাৰু গুৰুত্বহীন হৈ পৰিছো নেকি! মনত হেজাৰটা ভাৱনাই খেলি থাকে তেতিয়াই আৰম্ভ হয় একো একোখন কুৰুক্ষেত্ৰ।
যদিওবা ভুলবোৰ মোৰেই আছিল তথাপি ইমানৰ পিছতো তাই মোক কোনোদিন বেয়া পাব নিশিকিলে। এই কাজিয়াবোৰৰ মাজতেই লুকাই আছিল ভাতৃস্নেহ , মৰম ইত্যাদি যাক মই বা তাই অনুভৱ নকৰোঁ। আচলতে বুঁজা-নুবুঁজাৰ অংকবোৰ বৰ জটিল। এই জটিলতাবোৰৰ মাজেৰেই মই আগবাঢ়ো তাইৰ আঙুলিৰ মূৰত ধৰি জীৱনৰ সৰ্পিল পথেৰে। তাই কয় আৰু অলপ আগবাঢ়িলেই পাবি জীৱনৰ সংজ্ঞা।
সঁচাকৈয়ে আমিবোৰৰ জীৱনত একো একোজন comradeৰ বৰ প্ৰয়োজন তেওঁ লাগে যিয়েই নহওঁক। প্ৰতিপল মোৰ ভাল লগা বেয়া লগাবোৰ তাই বুঁজে। মোৰ দুষ্টালিবোৰ হজম কৰে অথবা এই নষ্ট ল'ৰাটোক জীৱন দৰ্শনৰ দিশ দেখাই লৈ যায় আঁউসীৰ পৰা জোনাকলৈ। কোনে কয় তেজৰ সম্পৰ্কই সকলো- ক'তা আমিচোন কুমেৰু আৰু সুমেৰুৰ পৰাই এক মধ্যবিন্দুত অৱস্থিত।এনেকৈয়ে হাঁহিবোৰ হাঁহি হৈ থাকক,
দুখবোৰ জ্বলি -পুৰি মৰক
সুখবোৰ ভাঁহি থাকক কুমেৰুৰ পৰা সুমেৰুলৈ।
✍ দাদুমণি বৰা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ