শিশুবোৰ ফুলৰ দৰে

©Admin
0


  মৰমৰ মইনাহঁত তোমালোক ভালেই আছা চাগৈ | মইও ভালে আছো | যোৱা কালি শিক্ষক দিৱস গ'ল তোমালোকে এইবাৰ মনৰ জোখাৰে শিক্ষক দিৱস পালন কৰিব নোৱাৰিলা নহয় জানো ? কি কৰিবা কেতিয়াবা উপায় নাই আমাৰ জীৱনলৈ এনে সময় আহেই | তথাপিও তোমালোকৰ শিক্ষাগুৰু সকলক এটা শুভেচ্ছা জনালানে নাই ? যদি জনোৱা নাই তেন্তে বৰ বেয়া কাম কৰিছা | কাৰণ শিক্ষাগুৰু অবিহনে আমাৰ জীৱন এন্ধাৰে আৱৰা | গুৰুৱেহে আমাক অন্ধকাৰৰ কৰাল গ্রাসৰ পৰা তুলি আনি আমাক নতুন জীৱন দান দিয়ে। গতিকে তেখেত সকল সদাই আমাৰ শ্রদ্ধাৰ পাত্র আৰু আজীৱন শ্রদ্ধাৰ পাত্র হৈ 
থাকিব | গুৰু অবিহনে আমি শিক্ষা গ্রহণ কৰিব নোৱাৰো |
     তোমালোকে জানা , কোন গৰাকী মহান ব্যক্তিৰ জন্ম দিনটো আমাৰ দেশে শিক্ষক দিৱস হিচাপে পালন কৰে | তেখেত হ'ল আমাৰ দেশৰ ভূতপূৰ্ব উপাৰাষ্ট্রপতি , ৰাষ্ট্রপতি , ৰাষ্ট্রদূত , দাৰ্শনিক পণ্ডিত , কুটনীতিবিদ আদি বিভিন্ন অলংকাৰেৰে বিভুষিত ড" সৰ্বেপল্লী ৰাধাকৃষ্ণণ | এই সকলোবোৰৰ উৰ্ধত তেখেত আছিল এগৰাকী মহান শিক্ষক | তেখেতে নিজকে শিক্ষক হিচাপে চিনাকি দি হে ভাল
 পাইছিল | এবাৰ অনুৰাগী সকলে তেখেতৰ জন্ম দিন উদ্‌যাপন কৰিবলৈ অনুমতি বিচাৰিছিল তেতিয়া তেখেতে কৈছিল মোৰ জন্মদিন পালন কৰিব নালাগে , তোমালোকে শিক্ষক দিৱস পালন কৰা | তেতিয়াৰ পৰা আজিলৈ ভাৰতীয় জনগনে শিক্ষক দিৱস পালন কৰি আহিছে | এইবেলি ভাৰতবৰ্ষৰ জনগনে ৫৯তম শিক্ষক দিৱস পালন কৰিব | এই দিনটোতেই শিক্ষা জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে কিছু শিক্ষকলৈ ৰাষ্ট্রীয় , ৰাজ্যিক , জিলা পৰ্যায়ৰ পুৰষ্কাৰ প্রদান কৰিব | ৰাধাকৃষ্ণণদেৱে এনে কিছুমান কাম কৰিছিল যাৰ ফলত তেখেতক জনতাৰ ৰাষ্ট্রপতিৰ আখ্যা দিয়া হৈছিল | আমিও অসমীয়া সাহিত্যৰ চানেকী আলোচনীৰ তৰফৰ পৰা সেই মহান ব্যক্তি গৰাকীৰ লগতে দেশৰ প্রতি গৰাকী শিক্ষাগুৰুলৈ প্রণাম জনাইছোঁ | মইনাহঁত তোমালোক কুশলে থাকা | বহুত মৰমেৰে 
    তোমালোকৰ খুড়া

📝 হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)