কাঠফুলা

   আনৰ ৰক্ত শুহি খাই
    নিজে জীয়াই থাকে  |

   মোৰ আইৰ
   বুকুৰ অমৃত শুহি
  তেজাল হোৱা কাঠফুলাই
  ঘৰ , বেৰ , চোতাল
  চানি ধৰিলে  |

  আমি হতভগীয়াই
  চাপৰি বজাই
  মিছায়ে চিঞৰি
  গা খজুৱাই
  বহি থাকিলো  |

  তাত বাদেও
  পুনৰ
  নতুন কাঠফুলাৰ বাবে
  বাট ৰঢৌ ঢৌ  |

    📝হেমেন হাজৰিকা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send