ছৈখোৱা ঘাটৰ বেলি-০১

©Admin
0
  
                     
আঘোণ মাহৰ দেওবৰীয়া  অপৰাহ্ন  | ৰূপহীয়ে দ'তাকৰ স'তে বাৰাণ্ডাত বহি আছে | চোতালৰ এচোকত থকা নয়নতৰা জোপাত হঠাত দ'তাৰ চকু পৰিল | দ'তাই শুধবগা নয়নতৰা জোপাত চকু থৈয়েই ক'লে-  আইজনী শালৰ বাবু পূজা পাইছেহি নহয়! মাৰ লগত গৈ শলিতা এগছি জ্বলাই আহিবিগৈ ........|

-বাৰু দ'তা |
 মাৰ লগতে গৈ এগছি শলিতা জ্বলাই আহিমগৈ | 

-পিছে দ'তা শালত বছৰি চাৰিভাগ পূজা আগবঢ়োৱা হয় বুলি জানো | আঘোণ মাহৰ পূজাভাগক কিয় "বাবুপূজা" বুলি কয় ? কওঁকচোন! 
 -তই ভাল প্ৰশ্ন এটাকে শুধিলি আইজনী, এতিয়া তোক শালৰ পূজা চাৰিভাগৰ বিষয়ে ক'ম |  খুন্দনাটোৰ পৰা খুন্দা তামোল এগাল মুখত লৈ দ'তা যদুনাথে কথাৰ মহলা মেলিলে ------ 

    - শদিয়াত  চাৰিশাল  গোসাঁনী আছে | সেই চাৰিখনৰ এখন হৈছে কেঁচাখাইটী গোসাঁনীৰ শাল | ধলা বজাৰৰ পৰা  উত্তৰলৈ গ'লে বান্দৰখাল পায় | বান্দৰখালৰ দলঙখন পাৰ হৈ কিছুদুৰ গ'লে কেঁচাখাইটী গোসাঁনী শালখন পায় | তোক এবাৰ যে চাইকেলেৰে ফুৰাবলৈ নিছিলো ,মনত আছে নহয় !
ৰূপহীয়ে মূৰ জোকাৰি সঁহাৰি জনালে | দ'তাই বিৰামহীন ভাৱে কৈ গ'ল শালখনৰ কথা....... 
শালত বছৰেকত চাৰিভাগ পূজা আগবঢ়োৱা হয় | এই চাৰিভাগ পূজাৰ আঘোণ মাহত আগবঢ়োৱা পূজাভাগ হৈছে বিখ্যাত "বাবু পূজা" | পূৰ্বতে চাহ বাগিছাৰ বাবুসকলক কেঁচাখাইটী গোসাঁনীক পূজা দিবৰ বাবে আঘোণ মাহৰ দেওবাৰ এটা ধাৰ্য কৰি দিয়া হৈছিল | সেই বিশেষ দিনটোত বাবুসকলে পূজা আগবঢ়াই আহিছে | বিশেষকৈ বাগিছাৰ বাবুসকলে পূজাভাগ আগবঢ়াই অহা বাবেই এই পূজাভাগ বাবু পূজা ৰূপে জনাজাত হৈ পৰে | বৰ্তমান সময়ত শাললৈ বিভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম ঘটে|  বিভিন্ন জাতি-বৰ্ণ, ভাষা-ভাষী লোকে শালত পূজা দিয়ে আৰু গোসাঁনীলৈ মানস কৰি থোৱা পাৰ, হাঁহ,ছাগলী আদি আগবঢ়ায় | মূল পূজাভাগ দেউৰী পূজাৰীৰ দ্বাৰা আগবঢ়োৱা হয়| দেউৰী পূজাৰীয়ে মন্ত্ৰ গাই গোসাঁনীক স্তুতি কৰে| পূজাৰীয়ে সত্ফুল(তংলতি) পাতৰ দ্বাৰা ভক্ত বৃন্দলৈ কমন্ডলুৰ পানী ছটিয়াই আশীষ নিৰ্মালি দিয়ে | এই নিৰ্মালি পাবলৈ ভক্ত বৃন্দসকলে  আগ্ৰহৰে বাট চাই থাকে|
   ৰূপহীয়ে শালখনৰ কথা বিশদকৈ জানিবলৈ পাই যে ৰঙ পাইছে সেয়া তাইৰ মুখখনতে ফুটি উঠিছে | 
এনেতে আন এটা প্ৰশ্নই ৰূপহীৰ মনত ডেও দিবলৈ আৰম্ভ কৰিলে | 

-সত্ফুল ! সত্ফুল মানেনো কি দ'তা?  সত্ফুল কেৱল শদিয়াতেই পোৱা যায়নে কি? 

       অস্তমিত বেলিৰ আভাই পশ্চিমাকাশত হেঙুল সানিছে | ককাকে আকাশলৈ চাই ক'লে- আইজনী মই তোক অইন এদিনা সত্ফুলৰ কথা ক'ম | তিনি গধূলি হ'ল - গোসাঁই সেৱা কৰি পুথি-পাজি লগৈ যা আইজনী | এইখিনিতে দ'তাকে কথাৰ আধ্যা পেলাই গোহালীটোৰ দিশে আগবাঢ়ি গ'ল |

( আগলৈ )

📝সুমিত দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)