মই শচীন হবলৈ যোৱা মোৰ অভিজ্ঞতা (খণ্ড-২ )

মোৰ ঘৰৰ পৰা ষ্টেডিয়ামলৈকে দূৰ আছিল প্ৰায় ৩ কিলোমিটাৰ। পিছ দিনা একেই আগ দিনাৰ দৰেই প্ৰায় ৩:৩০বজাত মোৰ অনুশীলনী আছিল।মই  ঘৰৰ পৰা প্ৰায় ৩:০০বজাত বগা সাজযোৰ  আৰু পকাত কটপ কটপ মাত দিয়া খিলি জোতাযোৰ পিন্ধি ঘৰৰ পৰা ওলালো।পাওঁতে পাওঁতে সময় হলেই।
নগৰৰ ৰাস্তা কম ভিৰ নে।আৰু কথা এটা
নহয় মাজতে বগা সাজ যোৰৰ চুলাটো ঠেক হোৱাত বজাৰত বদলি কৰিছিলোঁ গৈ।ইতিয়া ষ্টেডিয়াম পালোগৈ সময় মতে। লৰাবোৰ সবে পেভিলিয়ানত বহি আছিল।মইও যোগ দিলোঁ।বন্ধুসুলভেৰে এজন নহয় বহুজনে মোক আহিলা বুলি মাতিলে। কোচকেইজন অলপ পিছতে আহিল।সেই দিনা পিছে আগ দিনাৰ  বৰ দৰে  ৰোমাঞ্চক নাছিল।এনেদৰে দিনো বাগৰিল ,কিন্তু বেছ জমিছিল খেল খেলাত আৰু উফ..সেই যে পানিষ্টমেন্ত কেইটা পোচ আপ বোৰ। মই পিছে অলপ চিঁচিঁয়াৰ আছিলোঁ  কাৰণে অলপ কম পানিষ্টমেণ্ট পাইছিলোঁ কিন্তু লোকক দেখিয়ে মোৰ বাউসী দুটা বিষাইছিল ,তাতে আকৌ সেই শাৰীৰিক অনুশীলনীবোৰ কৰিলে একদম কাণ তাল মৰা চিঞৰ মাৰিব মন যায়।
এনেদৰে বহু দিন পাৰ হল । পিছলৈ বহু ডাঙৰ ডাঙৰ নামি নামি খেলুৱৈ সৈতে চিনাকি কৰাই দিছিল আমাৰ জেষ্ঠ হেড কোচজনে আৰু তাৰ কোচিংৰ মুৰৰৱী নে সভাপতি জনে(প্ৰায় পাহৰিলোঁ,যদিও মোৰ ঘৰৰ কেইজন মান ব্যক্তি ৰ সৈতে তেওঁৰ ভাল চিনাকী, মই মোৰ পৰিচয় তেওঁলোকৰ হতুৱাই নিদিলে কেতিয়াও)।খেলুৱৈ কেইজনৰ অন্যতম এজন আছিল আমাৰ ডিব্ৰুগড়ৰে শিৱসাগৰত জন্মগ্ৰহণ কৰা ২০০২-২০০৩বৰ্ষ ৰঞ্জী চিজনৰ আটাইতকৈ বেছি উইকেট লাভ কৰা অৰলেন কোঁৱৰ, আমি আৰলেন দা বা আৰলি দা বুলিয়ে মাতো। তেওঁ তেতিয়া ভাৰতীয় দলত স্থান পাবলৈ উপেক্ষিত ।পিছে কেইটামান বৰ্ষত আই পি এলৰ কেইবাটাও দলৰ লগত পৰোক্ষ ভাবে জড়িত হৈছিল।আমাক জেষ্ঠ কোচজনে আৰলি দাৰ উদাহৰণ দি অনুপ্ৰেৰনা যোগাইছিল।তেওঁ কৈছিল" আজি প্ৰায় বহু বছৰ আগতে (৯০ দশকৰ শেষ ভাগত)এটা সৰু লৰায়ে এখন চাইকেল লৈ প্ৰায় দহ কিলোমিটাৰ যোৰা চাইকেল মাৰি মোৰ ওচৰলৈ ক্ৰিকেট শিকিবলৈ আহিছিল,সি প্ৰায় লৰাবোৰৰ মাজত শান্ত শিষ্ট হৈ চুকে চুকে সোমাই থাকে ।পিছত লৰাটো গৈ অসমৰ ৰঞ্জী দলত স্থান পায় আৰু ইতিয়া অসমৰ আটাইতকৈ সফল ক্ৰিকেটাৰ। ইয়ে সেই লৰাটো"কোচজনে অৰলেন দাক উদ্দেশ্য কৰি কলে। কথাষাৰ শুনি বৰ অনুপ্ৰাণিত হলো ।.........
আগলৈ.......

📝জ্ঞানদ্বীপ বৰুৱা
ঠিকনা:খনিকৰ ,ডিব্ৰুগড়

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send