কথাত কটা যায় কথাত বটা পাই এই বাক্যশাৰীৰ মূলভাব হয়তো আমি সকলোৱে জানো ৷ আমাৰ সমাজত তিনিধৰণৰ মানুহ আছে প্ৰতেককেৰে কথা কোৱাৰ বেলেগ বেলেগ গুণ আছে তাৰে প্ৰথমজন মানুহহে ইংগিতেৰে কথা কয় , দ্বিতীয়জনে কথা বেছিকৈ কয় আৰু তৃতীয়জন মানুহে হিচাপত কথা কয় ৷ গতিকে দেখা গ'ল তিনিওজনৰে কথা কোৱাৰ ভিন্নতা গুণ আছে ৷
এতিয়া কথাটো হ'ল প্ৰথমজন মানুহৰ ক্ষেত্ৰত এইজনে যদি সকলো সময়ত সকলো ঠাইতে একেধৰণৰ অৰ্থাৎ ইংগিতেৰে কথা কয় তেনেহ’লে শুনোতাজনৰ অসুবিধা হব পাৰে বা তাৰ কথা শুনি বিৰক্তি অনুভৱ কৰিব পাৰে গতিকে যহিহে মানুহজন মুকবধিৰ নহয় কথা কব পৰা ক্ষমতা আছে তেনহ’লে কথা কওঁতে পৰাপক্ষত আঙুলি টোৱাই কথা কোৱাটো অনুচিত কাৰণ শ্ৰোতাজনে অপমান বোধ কৰিব পাৰে ৷
দ্বিতীয় মানুহজনে যদি প্ৰয়োজনতকৈ বেছি কথা কয় তেনহ’লে জানি লব তাৰ বিপদ নিচেই কাষত আৰু আনে তেনেলোকক ভাল নাপায় গতিকে কথা কওঁতে এটা সীমাৰ ভিতৰত আৰু প্ৰয়োজন অনুযায়ী কোৱাটো উত্তম ৷
তৃতীয়জন মানুহ কথা কওঁতে হিচাপত কথা কয় ভাল গুণ কিন্তু মনত ৰখা উচিত যাতে কথাখিনি বেছি সংক্ষিপ্তত নকয় সহজ আৰু সৰল ভাৱে ব্যক্ত কৰে ৷
এতিয়া এই আলোচনাৰ পৰা আপুনি কি শিকিলে সেইয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰে ৷ শেষত কওঁ কথা কওঁতে সদায় ভাৱি চিন্তি চালিজাৰিকৈ কব লাগে আৰু কথা এনেকৈ কোৱা উচিত যাতে কথাখিনি বটা পোৱাৰ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয় আৰু আনৰ সমাদৰ বুটলিব পাৰে ৷
📝দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ