ক'ৰণাৰ ভয়ত আজি সমগ্ৰ বিশ্ব কঁপিছে থৰহৰে।
বন্দী হৈ আছে কি বৃদ্ধ, কি শিশু সকলো নিজ-নিজ ঘৰতে।।
ঘৰতেই আছে ,পাৰ হোৱা নাই জপনা।
পুৱা-গধূলি চাকি-বন্তিৰে ভৰি আছে থাপনা।।
ঘনে-ঘনে হাত ধুইছে আৰু ধুইছে বজাৰৰ সকলো সা-সামগ্ৰী।
"আঁহক,বহক--" বুলি ঘৰলৈ মাতিব পৰা নাই কাকো ; চিনাকি-অচিনাকি। ।
ছবি আঁকিছে,গান গাইছে আৰু গাইছে বৰগীত।
জাগি উঠিছে থলুৱা পৰম্পৰাৰে ভৰা সেই অতীত।।
ধন্যবাদ জনাইছে সকলোৱেই সমূহ চিকিৎসা কৰ্মী,আৰক্ষী,সাংবাদিক আৰু জনসেৱী ও জনহিতাৰ্থী গণক।
দিনে -নিশাই অক্লান্ত শ্ৰমেৰে সুৰক্ষা প্ৰদান কৰিছে আমাৰ অমূল্য জীৱনক।।
শেৱালিৰ সুগন্ধিয়ে এই সময়তে আনিছে শৰতৰ বতৰা।
এইবেলি পূজাও পিছে ক'ৰণাসুৰৰ আতংকই আৱৰা।।
পৰিস্কাৰ -পৰিচ্ছন্নতাৰ বাহাল ৰাখিলে ক'ৰণা ভাইৰাছ
নাইকিয়া হ'ব সমগ্ৰ পৃথিৱীৰ পৰা।
মানৱতাৰ জয়গানেৰে পৃথিৱী হৈ পৰিব আকৌ সুখভৰা।
✍️গায়ত্ৰী দেৱী বৰঠাকুৰ
তেজপুৰ, শোণিতপুৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ