বেশ্যা

©Admin
0
নাৰী, অৰ্ধ নাৰী তাৰ পিছত আৰু এটা জাতি
যাক বেশ্যা আখ্যা দিয়া হয়
সমাজৰ স্থানহীন‌‌ এটা নাম,
মানুহে কয়,‌সিহঁত হেনো বেশ্যা
সিহঁতৰ ওচৰলৈ নাযাবা
সিহঁত যে একো একোজনী পথভ্ৰষ্টা ।
সিহঁত বাৰবণিতা, আমাৰ সমাজে কয়
কিন্তু, সমাজখনক কোনে বুজাব ?
বেশ্যা জন্ম দিয়া মানুহবোৰো যে
এই সমাজৰে সু-শিক্ষত মানুহৰ এজন ।
নাৰী মাত্ৰ নাৰীয়ে হয়
কোনোবা মা, কোনোবা ভগ্নী আৰু কোনোবা ধৰ্মপত্নী,
পেটৰ ভোক আৰু জীৱনৰ অভাৱেই
মমতাময় নাৰীক বাধ্য কৰাই
বেশ্যাৰূপে নিজকে সজাবলৈ।
নাৰীৰ পৱিত্ৰতা আৰু কৰ্মক
সকলোৱে দিম সন্মান ,
শিক্ষাৰ পোহৰেৰে সমাজলৈ 
আনিম সু-সংস্কাৰ ।
বিনম্ৰ অনুৰোধ মোৰ 
সমাজৰ কু-সংস্কাৰ কৰিম পৰিষ্কাৰ ,
নাম দিম,সন্মান দিম, দিম নাৰীক এটা স্থান
নাৰী, অৰ্ধনাৰী, বেশ্যা তোমাক শতকোটি প্ৰণাম ।
             
✍️দিপালী তচা
     গহপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)